NORTHEAST NOW (Assamese)

সঁচাকৈয়ে ৰাষ্ট্ৰদ্ৰোহ? ১৯ বছৰীয়া বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীৰ জোৱাৰ চৌদিশে; তাৰ মাজতে DGP-ADGP ৰ ভিন্ন মত

July 13, 2022 8:10 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: July 13, 2022 8:21 pm

ফেচবুকত বিদ্ৰোহী কবিতা লিখি গ্ৰেপ্তাৰ হৈ ৫৬ দিন কাৰাগাৰৰ অতিথি হৈ থকা বৰ্ষাশ্ৰীৰ মুক্তিৰ দাবীৰে এতিয়া ছ’চিয়েল মেডিয়া তোলপাৰ লগা দেখিবলৈ পোৱা গৈছে।
উল্লেখযোগ্য যে, যোৱা ১৮ মে’ ৰ দিনা বিদ্ৰোহী কবিতাৰে ফেচবুক পোষ্ট দি গ্ৰেপ্তাৰ হৈছিল টীয়কৰ জাঁজী নদীৰ পাৰৰ বৰ্ষাশ্ৰী বুঢ়াগোহাঁই।

সকলোৰে এটাই প্ৰশ্ন “বিদ্ৰোহী কবিতা লিখাটো অপৰাধ নেকি?”
এই সন্দৰ্ভত চৰকাৰ তথা অসম আৰক্ষীৰ ভূমিকাত প্ৰশ্নবোধক তুলি ফেচবুকযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীয়ে।

তেওঁ লিখি কয় “মূল্যবৃদ্ধিক লৈ কৰা পথ নাটকৰ বাবে নগাঁৱৰ বিৰিঞ্চিক গ্ৰেপ্তাৰ। জাতীয়তাবাদী চিন্তাৰ কবিতা লেখাৰ বাবে টীয়কৰ বৰ্ষাশ্ৰী দুমাহ ধৰি জেলত। হৈছে কি? বিষ্ণুপ্ৰসাদ ৰাভা,হীৰেন ভট্টাচাৰ্যই বিদ্ৰোহৰ কবিতাৰে পৃষ্ঠা ভৰাই তুলিছিল। তেওঁলোকৰ কবিতা আজি শাসকসকলেও আওৰাই আছে, অনুষ্ঠানো পাতিছে। বৰ্ষাশ্ৰীৰ মুক্তিৰ সজোৰ দাবী জনালো”।
ইয়াৰোপৰি, প্ৰতিদিন টাইমৰ সাংবাদিক অমৰেন্দ্ৰ ডেকাই ফেচবুকত লিখি কয় “ইমান ডাঙৰ অপৰাধী নে বৰ্ষাশ্রী? ইমান শক্তিশালী শব্দৰ অধিকাৰী নে বৰ্ষাশ্রী যে তেওঁৰ দুশাৰী কবিতাই দেশৰ সাৰ্বভৌমত্বৰ ভেঁটি কঁপাই তুলিব। তেওঁৰ দুশাৰী মাত্ৰ বাক্যই হাজাৰ জনক দেশদ্ৰোহী কৰি তুলিব। ভয় নে প্ৰতিশোধ পৰায়নতা। বৰ্ষাশ্রী যে ইমান দিনে জেইলতেই আছে ভাবিব পৰা নাই। বৰ্ষাশ্রীয়ে প্ৰয়োজনীয় আইনী সাহায্য পোৱা নাই যেন লাগে। অহা সপ্তাহত হেনো বৰ্ষাৰ পৰীক্ষা। পৰীক্ষাৰ পৰা বঞ্চিত হ’ব নালাগে ছাত্ৰী গৰাকী”।

নাট্যকাৰ তথা পৰিচালক হিমাংশু প্ৰসাদ দাসেও বৰ্ষাশ্ৰীৰ দাবী তুলি লিখিছে এইদৰে “ছোৱালীজনীৰ নাম নাং বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁই, বয়স মাত্ৰ ১৮ বছৰ, স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী। গুৰু বিষয় (maths major) । বিপ্লৱী কবিতা লিখাৰ অপৰাধত দুমাহ ধৰি কাৰাগাৰত আছে।কবিতা লিখাৰ বাহিৰে তাই আৰু অন্য কিবা অপৰাধ কৰিছে নে”?
লেখিকা প্ৰণতি দেবী শৰ্মাই গ্ৰন্থৰ সুৱাস নামৰ গ্ৰুপৰ ফেচবুক পোষ্টত লিখি কয় “ছোৱালীজনীৰ স্নাতক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ৷ বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁই৷ এটা কবিতা লেখি দুমাহ ধৰি কাৰাগাৰত বন্দী তাই৷ হে গ্ৰন্থ সুবাসৰ সমূহ সতীৰ্থ ,তেওঁৰ মুক্তিৰ দাবীত আমি সকলোৱে এবাৰ মাত মাতো আহক৷ কলম আৰু সাহিত্য যাতে থমকি নৰয় আমি চেষ্টা কৰোঁ আহক৷
অৰ্চনা গগৈয়ে ফেচবুক পোষ্টৰ জৰিয়তে কয় “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া , সাধাৰণ কবিতা লিখা এই ছোৱালী জনী ইমান শক্তিশালী নে তাইক আপোনাৰ আৰক্ষী বিভাগে বাঘিনী দেখাদি দেখিছে ? নে আপোনাৰ চৰকাৰ খন ইমান দুৰ্বল ছাঁটোকে বাঘিনী হেন দেখিছে ??তাই কলমহে চলাইছে অস্ত্ৰ চলোৱা নাই !! হাজাৰ নৰখাদকে বিচৰণ কৰা দেশত ফুলকুমলীয়া ছোৱালী এজনীক এনে শাস্তি বিহাতো সহ্য সীমাৰ বাহিৰত! অতিশীঘ্ৰে বিনা চৰ্তে মুক্তিৰ ব্যৱস্থা কৰক । সাধাৰণ নাগৰিক, এগৰাকী মাতৃ হিচাবে দাবী জনালোঁ”।

ইপিনে, ছ’চিয়েল মেডিয়াত জোৱাৰ উঠাৰ পাছতে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।
সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে কোনো কবিতা লিখাৰ বাবে বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

তেওঁ কয় ‘কবিতা লিখাটো বেয়া নহয়। ময়ো কবিতা লিখো। কিন্তু বৰ্ষাশ্ৰীক আলফালৈ যাম বুলি লিখা কাৰণেহে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ নিজেতো যায়েই, আনকো বোলে হেনো লৈ যায়। গতিকে আইজনী তই আলফালৈ যাবগৈ নালাগে, জে’লতে থাক।’

ইপিনে ভাস্কৰজ্যোতি মহন্তৰ এই প্ৰতিক্ৰিয়াৰ পাছতে তেওঁক ফেচবুকযোগে উভটি ধৰিছে চিম্পী গগৈ নামৰ ফেচবুক ব্যৱহাৰকাৰীয়ে।

তেওঁ কয় “বৰ্ষাশ্ৰী সন্দৰ্ভত ভাস্কৰজ্যোতি মহন্তৰ ভাষ্যৰ ধৰণ একেবাৰে ভাল নালাগিল৷এফালে ইতিকিং আনফালে এনে বিপ্লৱী কন্ঠৰ প্ৰতি ক’ৰবাত শংকা অনুভৱ কৰা যেন লাগিল৷জেলত ভৰাই কন্ঠ ৰুদ্ধ কৰা প্ৰক্ৰিয়াই অসমৰ ভৱিষ্যত প্ৰজন্মক সঠিক পথ দেখুৱাবলৈ সক্ষম হ’বনে ? #বৰ্ষাশ্ৰীৰ মুক্তি বিচাৰোঁ৷

আনহাতে, ছ’চিয়েল মেডিয়াত তীব্ৰ জোৱাৰ উঠাৰ পাছতে জনতাক বুজোৱাত উঠি পৰি লাগিল বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙ।
টুইটযোগে তেওঁ কয় “তাইৰ ফেচবুক পোষ্টত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ তৈয়াৰ কৰিবলৈ এটা নিৰ্দিষ্ট আহ্বান আছে – “আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ”। যেতিয়া কোনোবাই ৰাজহুৱাভাৱে নিষিদ্ধ সংগঠনএটাৰ প্ৰতি সমৰ্থন স্বীকাৰ কৰে আৰু ভাৰতীয় ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ কৰাৰ অভিপ্ৰায় ঘোষণা কৰে, আমি আইনীভাৱে সেই ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ চলাবলৈ বাধ্য। যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰি, উপযুক্ত আইন আদালতত অভিযোগপত্ৰ দাখিল কৰা হ’ব। আইনখনক নিজৰ পথ ল’বলৈ দিয়ক”।
এই টুইটৰ পাছতে জিপি সিঙক উভটি ধৰিছে বহুজনে।

“অসম বাৰ্তা” নামৰ ফেচবুক পেইজ এটাই অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙলৈ কেইটামান প্ৰশ্ন কৰি লিখিছে “আলফালৈ যাম বুলি জুবিন গাৰ্গে মুকলিকৈ কোৱাটো ৰাষ্ট্ৰদ্ৰোহ নাছিল নেকি? মন্ত্ৰী সঞ্জয় কিষাণে মুকলিকৈ আলফাৰ ওচৰত ক্ষমা খোজাটো ৰাষ্ট্ৰদ্ৰোহ নাছিল নে? নিষিদ্ধ ঘোষিত সংগঠনৰ লগত ৰাজ্যৰ বৈদ্যুতিন মাধ্যমৰ পোনপটীয়া সম্প্ৰচাৰ কিদৰে সম্ভৱ?

ঠিক সেইদৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক ফেচবুকযোগে উভটি ধৰিছে নিপম চুতীয়া নামৰ যুৱকজনে।
তেওঁ লিখি কয় “অশ্বঃত্থমা হতঃ ….” অথবা ”….ইতি গজঃ” বুলি ক’লে ইয়াৰ ব্যাখ্যাটো কেনেধৰণৰ হ’ব? অথচ এই দুয়োটা শাৰীয়েই এটাৰ আনটো পৰিপূৰক। বৰ্ষাশ্ৰীয়ে লিখিছিল কি? তেওঁ কৈছিল যে যদিহে (If) বিপ্লৱী মন থকাৰ বাবে কোনোবাই বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহ বুলি ক’ব খোজে, তেতিয়া হাজাৰটা ৰাষ্ট্ৰদ্ৰোহ কৰিব‌ই। কবিতা বুলি বাদেই দিলোঁ। কিন্তু কোনো শাৰীৰ মাজত বা আগত যদি এইদৰে ছাবৰ্ডিনেট কনজাংকশ্যন ব্যৱহাৰ কৰি লিখাৰ অৰ্থ‌ই নুবুজি বা বুজিও নুবুজাৰ ভাও ধৰি কাৰোবাক শলঠেকত পেলাব পাৰে, এয়া সমাজৰ বাবে অতি দুৰ্ভাগ্যজনক। বিশেষকৈ আইনী ক্ষেত্ৰত। আনহাতে বিদ্ৰোহী আৰু বিপ্লৱীৰ মাজত তফাৎ থাকে; এয়া সহজ আৰু সাধাৰণ কথা। তেওঁ বিপ্লৱী মনটোক বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহ বুলিলেহে সেই ভুল কৰিব বুলি অৰ্থাৎ সেই ভুল আখ্যা দিয়াসকলৰ মানেকতহে ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি প্ৰতিকী কথাৰে নিজৰ ক্ষোভ উজাৰিছিল। কোনো নিষিদ্ধ ঘোষিত সংগঠনৰ নাম প্ৰত্যক্ষ অথবা প্ৰত্যক্ষকৈও কোৱা নাছিল ছাত্ৰীগৰাকীয়ে। শাৰী দুটাত তাৰ তিলমানো উমান যদি কোনোবা অসমীয়া ভাষাবিদ বা বিশাৰদে পাইছে, তেন্তে সেয়া অসমৰ বাবে, সাহিত্যজগতৰ বাবে আটাইতকৈ বৃথাৰ কথা বুলিয়ে ক’ম। কিন্তু তাৰ বিপৰীতে এগৰাকী আৰক্ষীৰ শীৰ্ষ বিষয়াই কোৱাধৰণে কেৱল মাত্ৰ তিনিটা শব্দৰ ওপৰত ভিত্তি কৰি দুমাহদিন জে’লত ভৰাই থোৱাটো কোনো কাৰণতে ন্যায়সংগত যুক্তি হ’ব পাৰে বুলি আমাৰ মনে নধৰে”।

উল্লেখযোগ্য যে, স্নাতক দ্বিতীয় ষান্মসিকৰ ছাত্ৰী বৰ্ষাশ্ৰী বিদ্যাতৈনিক শিক্ষাৰ সমান্তৰালকৈ সামাজিকভাৱেও বিভিন্ন সময়ত ৰাজ্য তথা দেশৰ সমস্যা জাতীয় সমস্যাৰ উপৰত লেখা মেলা কৰি আহিছিল। অহা ১৬ জুলাইৰ পৰা বৰ্ষাশ্ৰী পৰীক্ষা।সেয়ে সকলোৱে এইগৰাকী ছাত্ৰীক অনতি পলমে মুক্তি দি পৰীক্ষাত বহিব পৰা ব্যৱস্থা কৰি দিবলৈ অসম চৰকাৰলৈ সজোৰে আহ্বান জনাইছে তেওঁৰ পৰিয়ালে।

Related News