NORTHEAST NOW (Assamese)

কাৰামুক্ত হৈ ‘মেণ্টৰ’ ৰাহুল গান্ধীক সাক্ষাৎ নৱজ্যোৎ সিং সিদ্ধুৰ

April 6, 2023 10:10 pm · এন ই নাও নিউজ, গুৱাহাটী

দহটা মাহ কাৰাগাৰৰ বন্ধ কুঠৰীত কটোৱাৰ পাছত অৱশেষত যোৱা ১ এপ্ৰিলত কাৰামুক্ত হোৱা প্ৰাক্তন ক্ৰিকেট তাৰকা তথা কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধুৱে আজি দিল্লীত দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাক সাক্ষাৎ কৰে।

এক টুইট যোগে সিদ্ধুৱে ৰাহুল-প্ৰিয়ংকাৰ সৈতে সাক্ষাতৰ ছবি প্ৰকাশ কৰাৰ লগতে পঞ্জাৱৰ জনসাধাৰণৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰে। সিদ্ধুৱে টুইটটোত কয়, “আজি নতুন দিল্লীত মোৰ পৰামৰ্শদাতা ৰাহুল ডাঙৰীয়া আৰু বন্ধু, দাৰ্শনিক, পথ প্ৰদৰ্শক প্ৰিয়ংকা গান্ধীক লগ পালোঁ।”

“আপোনালোকে মোক কাৰাৰুদ্ধ কৰিব পাৰে, ভয় খুৱাব পাৰে, মোৰ সকলো আৰ্থিক একাউণ্ট ব্লক কৰিব পাৰে; কিন্তু পঞ্জাৱ আৰু মোৰ নেতাসকলৰ প্ৰতি মোৰ দায়বদ্ধতা এক ইঞ্চিও পিছুৱাই নাযায়।”- টুইটটোত সিদ্ধুৱে লগতে কয়।

উল্লেখ্য যে, ৩৪ বছৰ পূৰ্বে পথৰ মাজতে গুৰনাম সিং নামৰ এগৰাকী ব্যক্তিক প্ৰহাৰ কৰাৰ ফলত ব্যক্তিগৰাকীৰ মৃত্যু হৈছিল আৰু তেওঁক স্বেচ্ছাই আঘাত কৰাৰ দোষত দোষী সাব্যস্ত কৰি আদালতে সিদ্ধুক এবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।

ইয়াৰ পিছতে বিগত ১০ মাহ পঞ্জাৱৰ পাটিয়ালাত কাৰাৰুদ্ধ হৈ আছিল নৱজ্যোৎ সিং সিদ্ধু। উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সিদ্ধুৰ কাৰাগাৰৰ ম্যাদ মে’ মাহলৈকে আছিল যদিও কাৰাগাৰত তেওঁৰ ভাল ব্যৱহাৰৰ বাবে ১ এপ্ৰিলত মুকলি কৰি দিয়া হয়।

শনিবাৰে মুক্তি পোৱাৰ পিছৰে পৰা সিদ্ধুৱে পুনৰ দলীয় কাম-কাজত মনোনিবেশ কৰিছে। কাৰামুক্ত হৈয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰিছিল সিদ্ধুৱে।

ইফালে খালিস্তানী বিচ্ছিন্নতাবাদী অমৃতপাল সিঙৰ সমৰ্থকসকলৰ ওপৰত আৰক্ষীয়ে দমন চলোৱাৰ সমান্তৰালভাৱে কেন্দ্ৰই পঞ্জাৱত ৰাষ্ট্ৰপতি শাসন জাপি দিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে।

Related News