কামাখ্যাত মুকেশ আম্বানি
কামাখ্যাত মুকেশ আম্বানি। ছবি- নৰ্থ ইষ্ট নাও।
ৰিলায়েন্স উদ্যোগৰ সঞ্চালক মুকেশ আম্বানিয়ে বুধবাৰে আবেলি ৩:৩০ বজাত গুৱাহাটীৰ কামাখ্যা মন্দিৰত উপস্থিত হৈ পূজা আগবঢ়ায়।
মুম্বাইৰ পৰা ব্যক্তিগত বিমানেৰে আহি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ পিছত গাড়ীৰে গৈ মন্দিৰটোত পূজা আগবঢ়াইগৈ আম্বানিয়ে।
অৱ্শ্যে সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য নকৰিলে দেশৰ আটাইতকৈ ধনাঢ্য ব্যক্তিগৰাকীয়ে।
মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰি বিভিন্ন ভক্তৰ লগতে মন্দিৰটোত প্ৰায়ে দেশৰ ভি আই পি সকলৰো আগমণ ঘটে।
শেহতীয়াকৈ মন্দিৰটোত পূজা আগবঢ়াইছিল দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।