NORTHEAST NOW (Assamese)

শ্বহীদ ন্যাসত বানাক্ৰান্তক সহায়ৰ উদ্দেশ্যে বানপানী সাহায্য সংগ্ৰহ কেন্দ্ৰ মুকলি আছুৰ

July 21, 2020 3:58 pm · দীপজ্যোতি শৰ্মা
Updated: July 21, 2020 5:08 pm

জাপানৰ প্রধানমন্ত্ৰীক আদৰিবৰ বাবে স্থাপন কৰা গুৱাহাটী লাচিত ঘাটৰ আদৰ্শ গাঁও বানৰ কবলত জহি খহি গৈছে৷ কোনো পৰিকল্পনা বিহীন ভাৱে ৰাইজৰ ধনৰ অপব্যয় কৰিছে ৰাজ্য চৰকাৰে।

শ্বহীদ ভৱনত বানাক্ৰান্তক সহায়ৰ উদ্দেশ্যে বানপানী সাহায্য সংগ্ৰহ কেন্দ্ৰ মুকলি কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতা সীমান্ত ঠাকুৰীয়াই।

ঠাকুৰীয়াই লগতে কয় “জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবৰ বাবে ব্ৰহ্মপুত্ৰৰ বালিচৰত যি আদৰ্শ গাঁওৰ নিৰ্মাণ কৰিছিল সেয়া ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হৈছিল৷ কিন্তু তাত ৰাইজৰ ধনৰ অপচয় ঘটিছে৷ পানী অহাৰ লগে লগে জহি খহি গৈছে আদৰ্শ গাঁও।”

চৰকাৰে পূৰ্বে পৰিকল্পনা বিহীন ভাৱে আদৰ্শ গাঁৱৰ উন্নয়নৰ কাম কৰিছিল বুলি উল্লেখ কৰি ঠাকুৰীয়াই কয়, “যাৰ বাবে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলং নিৰ্মাণৰ বাবে পুনৰ আদৰ্শ গাঁওখন ধ্বংস কৰিব লগা হৈছে৷ চৰকাৰৰ এই ধৰণৰ পৰিকল্পনা বিহীন কাম-কাজৰ পৰা অসমৰ ৰাইজৰ কোনো ধৰণৰ উপকাৰ হোৱা নাই।”

অসমৰ জনসাধৰন আজি বানপানীত হাহাকাৰ কৰি থাকিব লগা হৈছে বুলি উল্লেখ কৰি ঠাকুৰীয়াই কয় “বানপানীৰ ক্ষেত্ৰত কেন্দ্ৰ ওচৰত ৰাজ্য চৰকাৰে দাবী কৰিব পৰা নাই সাহায্য বিচাৰি। লগতে কোনো পুঁজি আনিব পৰা বন্যাৰ্তক সহায় কৰা বাবে। ইয়াতকৈ আৰু দুখৰ কথা কি হ’ব পাৰে।”

ইপিনে বানপানীত ক্ষতি গ্ৰস্ত সকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে সদৌ গুৱাহাটী ছাত্ৰ সন্থা। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় শ্বহীদ ভৱনত বানাক্ৰান্তক সহায় কৰাৰ উদ্দেশ্যে মুকলি কৰিছে বানপানী সাহায্য সংগ্ৰহ কেন্দ্ৰ।

Related News