NORTHEAST NOW (Assamese)

ৰাহুল গান্ধীলৈ সকাহ: বিতৰ্কিত মন্তব্যৰ বাবে গোচৰ ৰুজু কৰাৰ আবেদন খাৰিজ কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

May 1, 2026 3:18 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:36 am

কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে এক বৃহৎ সকাহ লাভ কৰিছে। শুকুৰবাৰে অৰ্থাৎ ২০২৬ চনৰ ১ মেতাৰিখে এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে এখন প্ৰাথমিক তথ্য প্ৰতিবেদন বা এফআইআৰ ৰুজু কৰিবলৈ বিচৰা এখন আবেদন খাৰিজ কৰিছে। ন্যায়াধীশ বিক্ৰম ডি চৌহানৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়ে।

ছিমৰণ গুপ্তা নামৰ এগৰাকী ব্যক্তিয়ে এই আবেদন দাখিল কৰিছিল। ইয়াৰ পূৰ্বে সম্ভলৰ এখন আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ বিচৰা তেওঁৰ আবেদনখন নাকচ কৰিছিল। নিম্ন আদালতৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই পৰৱৰ্তী সময়ত আবেদনকাৰীয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও উচ্চ ন্যায়ালয়তো তেওঁ নিৰাশ হবলগীয়া হয়।

উল্লেখযোগ্য যে, ২০২৫ চনত নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ এটা কাৰ্যালয় উদ্বোধন কৰাৰ সময়ত ৰাহুল গান্ধীয়ে এক বিতৰ্কিত মন্তব্য কৰিছিল। তেওঁ কৈছিল যে বৰ্তমান সময়ত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু ভাৰতীয় ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজি আছে। ৰাহুল গান্ধীৰ এই মন্তব্যটোক লৈয়েই আবেদনকাৰীয়ে আদালতত গোচৰ তৰিছিল।

আবেদনকাৰীয়ে অভিযোগ কৰিছিল যে ৰাহুল গান্ধীৰ এই মন্তব্যই সাধাৰণ জনতাৰ আৱেগত আঘাত হানিছে। লগতে তেওঁ দাবী কৰিছিল যে এই বক্তব্য সম্পূৰ্ণৰূপে ৰাষ্ট্ৰবিৰোধী আৰু ইয়াৰ জৰিয়তে দেশত বিদ্ৰোহৰ সৃষ্টি হব পাৰে। দেশখনত অস্থিৰতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰেই কংগ্ৰেছ নেতাগৰাকীয়ে এনেধৰণৰ মন্তব্য প্ৰদান কৰা বুলি অভিযোগ কৰা হৈছিল। অৱশ্যে উচ্চ ন্যায়ালয়ে বিষয়টো পৰ্যবেক্ষণ কৰি অৱশেষত এই আবেদনখন সম্পূৰ্ণৰূপে খাৰিজ কৰে।

Related News