NORTHEAST NOW (Assamese)

পশ্চিমবংগৰ কোচবিহাৰৰ বাণেশ্বৰত ঘটিল অসম-বংগ-ত্ৰিপুৰাৰ কবি-সাহিত্যিকৰ মহামিলন

October 29, 2021 8:41 pm · তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
Updated: October 29, 2021 8:42 pm

পশ্চিবঙ্গৰ ইতিহাসপ্ৰসিদ্ধ কোচবিহাৰ জিলাৰ অন্তৰ্গত  বাণেশ্বৰত সাহিত্য সম্পৰ্কীয় এক অতি আকৰ্ষণীয় পৰিবেশৰ মাজত কাব্য গ্ৰন্থৰ লগতে শাৰদী়য় সংখ্যা ” পাশাখা” পত্ৰিকা উন্মোচনী অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

মনেৰ মানুষ সাহিত্য পৰিবাৰ পত্ৰিকাৰ উদোগত তথা মনেৰ মানুষ সাহিত্য পৰিবাৰৰ সভাপতি , সম্পাদক ক্ৰমে ৰীণা পণ্ডিত , স্বপন কুমাৰ সৰকাৰ আৰু চিত্ৰা সৰকাৰৰ ঐকান্তিক প্ৰচেষ্টাত তথা তেওঁলোকৰ আমন্ত্ৰণ মৰ্মে এই অনুষ্ঠানত অসম, বঙ্গ আৰু ত্ৰিপুৰাৰ কেবা গৰাকীও কবি- সাহিত্যিক তথা সাহিত্য – সাধকে অংশগ্ৰহণ কৰে।

বাণেশ্বৰত অৱস্থিত ‘হিমায়েত গ্ৰুপ অফ এডুকেশ্বন’ হল প্ৰাঙ্গণত আয়োজিত এই সাহিত্যৰ অনুষ্ঠানত শাৰদীয় সংখ্যা আলোচনী ‘পাশাখা’ৰ লগতে একুৰি পাঁচটা কবিতাৰ একক সন্মিলিত কাব্য গ্ৰন্থও উন্মোচন কৰা হয়।

উক্ত গ্ৰন্থ উন্মোচনী সভাত কবি সাহিত্যিক ক্ৰমে প্ৰমত মণ্ডল (সুমত্ৰ সাৰথী ) কলকাতা, অহিদ খান ( পেৰিচ) ধুবুৰী, অসম , কৃপা মোহন চাকমা ( ত্ৰিপুৰা) মাধৱ দেবনাথ ( অসম ) জাকিৰ হুছেইন ( ধুবুৰী ,অসম) সন্দীপ জয়ধৰে (বছিৰহাট) আমন্ত্ৰিত অতিথি ৰূপে অংশগ্ৰহণ কৰে।

মনেৰ মানুষ সাহিত্য পৰিবাৰ পত্ৰিকাৰ সম্পাদক তথা বিশিষ্ট কবি স্বপন সৰকাৰে জনোৱা মতে মনোগ্ৰাহী অনুষ্ঠানটোত কলকাতা , অসম , ত্ৰিপুৰাৰ লগতে উত্তৰ আৰু দক্ষিণ বঙ্গৰ পৰা অহা কবি- সাহিত্যিক ক্ৰমে ৰেণু সৰকাৰ, উত্তম চৌধুৰী , অপূৰ্ব চক্ৰৱৰ্তী , ৰমেন দে , পবিত্ৰ ভূষণ সৰকাৰ , কল্যাণ হোড্ , সুবীৰ সৰকাৰ , সজল কুমাৰ দে , সুলেখা পণ্ডিত , মীৰা আচাৰ্য , স্বপন আদিত্য , সমিতা সৰকাৰ , কমলেশ সৰকাৰ ( বঙ্গ ৰত্ন ) , ভূৱন সৰকাৰ , উৎপল অধিকাৰী আদি লোক উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

মনেৰ মানুষ সাহিত্য পৰিবাৰ পত্ৰিকাৰ সম্পাদক স্বপন সৰকাৰে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন সকলোকে প্ৰশংসা কৰিছে । উক্ত অনুষ্ঠানত অতিথি হিচাবে অংশগ্ৰহণ কৰি মনেৰ মানুষ সাহিত্য পৰিবাৰৰ সভাপতি আৰু সম্পাদকক ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে বিশিষ্ট কবি অঁহিদ খানে ।

Related News