NORTHEAST NOW (Assamese)

হৃদৰোগত আক্ৰান্ত বলীউডৰ প্ৰখ্যাত কৰিঅ’গ্ৰাফাৰ তথা ছবি নিৰ্মাতা ৰেম’ ডিছুজা

December 11, 2020 6:34 pm · এন ই নাও নিউজ
Updated: December 11, 2020 6:38 pm

বলীউডৰ প্ৰখ্যাত কৰিঅ’গ্ৰাফাৰ তথা ছবি নিৰ্মাতা ৰেম’ ডিছুজা হৃদৰোগত আক্ৰান্ত হৈছে।

শুকুৰবাৰে বিয়লি প্ৰখ্যাত কৰিঅ’গ্ৰাফাৰগৰাকী হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক ততাতয়াকৈ মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

বৰ্তমান ডিছুজাৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

আইচিইউত ভৰ্তি হৈ থকা ডিছুজাক বিশেষজ্ঞ চিকিৎসকৰ দল এটাই চিকিৎসা সেৱা প্ৰদান কৰি আছে।

১৯৯৫ চনত বলীউডত খোজ পেলোৱা ডিছুজাই চামেলি, ধুম, চাইনা টাউন , ৰক অন, লণ্ডন ড্ৰীমছ আদি ছবিত সুন্দৰ কৰিঅ’গ্ৰাফী কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

২০১১ চনত ডিছুজাই পৰিচালনা কৰা ফাল্টু নামৰ ছবি খন বক্স অফিচত হিট হৈছিল।

ৰেম’ ডিছুজাই ফাল্টু ছবি খনৰ উপৰি ABCD আৰু  ABCD 2 ছবি দুখনো পৰিচালনা কৰিছে।

কেইবাটাও জনপ্ৰিয় টিভি শ্বত ডিছুজাই বিচাৰকৰ আসন শুৱনি কৰিছে।

সেইবোৰৰ ভিতৰত Dance India Dance, Dance Plus আৰু Jhalak Dikhhla Jaa অন্যতম।

প্ৰখ্যাত কৰিঅ’গ্ৰাফাৰ তথা পৰিচালক গৰাকী হৃৰোগত আক্ৰান্ত হোৱাৰ খবৰে তেওঁৰ গুণমুগ্ধসকলক উদ্বিগ্ন কৰি তোলা পৰিলক্ষিত হৈছে।

Related News