NORTHEAST NOW (Assamese)

ৰে’দ চিগনেলত কনিষ্ঠ ৰে’ল মন্ত্ৰীৰ ৰাজনৈতিক যাত্ৰা, আৰম্ভ ‘ৰাজেন গোহাঁই হতাও, জীয়ৰী-বোৱাৰী বচাও’

February 20, 2019 5:50 pm · কল্পজ্যোতি শইকীয়া
Updated: February 20, 2019 6:10 pm
ৰাজেন গোহাঁই। ছবি সৌজন্য-- ফে’চবুক।

মোদী চৰকাৰৰ ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ ৰাজনৈতিক যাত্ৰাত ৰঙা সংকেতৰ সংকট নমাই “ৰাজেন গোহাঁই হতাও, জীয়ৰী-বোৱাৰী বচাও” বেনাৰেৰে শোভিত হ’বলৈ ওলাইছে নগাওঁ লোকসভা সমষ্টি।

দেশৰ আসন্ন সাধাৰণ নিৰ্বাচনত যৌন কেলেংকাৰিত অভিযুক্ত ৰাজ্যিক ৰে’ল মন্ত্ৰী তথা নগাঁৱৰ বিজেপি সাংসদ গোহাঁইক প্ৰাৰ্থিত্ব নিদিয়াৰ দাবীত এই কাম কৰিবলৈ আগবাঢ়িছে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ।

“‘ৰাজেন গোহাঁই হতাও, জীয়ৰী-বোৱাৰী বচাও’, ‘যৌন কেলেংকাৰিত লিপ্ত ৰাজেন গোহাঁইক হতাওক, নগাওঁ জিলা বচাওক’, ‘ৰাজেন গোহাঁইক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক’– এই তিনিটা শ্ল’গানেৰে ৰাজেন গোহাঁইৰ বিৰুদ্ধে দেৱালত প’স্তাৰ-বেনাৰ আঁৰি লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰ কৰিব কৃষক শ্ৰমিক উন্নয়ন পৰিষদে,’’ নৰ্থ ইষ্ট নাও-ক বুধবাৰে জনায় পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই।

এই প্ৰচাৰ অভিযান আজিৰ পৰাই আৰম্ভ কৰা বুলি জানিবলৈ দি কলিতাই কয় যে পৰ্য্যায়ক্ৰমে সমগ্ৰ লোকসভা সমষ্টিটোতে এই প’স্তাৰসমূহ লগোৱা হ’ব।

“আজি নগাওঁ সদৰত গোহাঁইৰ বিৰুদ্ধে প’স্তাৰ লগোৱা হ’ব। পৰ্য্যায়ক্ৰমে নগাওঁ লোকসভাৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিতে এই প’স্তাৰসমূহ লগোৱা হ’ব,” কলিতাৰ মন্তব্য।

অভিযুক্ত গোহাঁইক প্ৰাৰ্থিত্ব দিলে বিজেপিৰ নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় কাৰ্য্যালয়ৰ সন্মুখত আমৃত্যু অনশনত বহিব বুলিও ঘোষণা কৰিছে কলিতাই।

“ৰাজেন গোহাঁয়ে যাতে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে তাৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক সাক্ষাৎ কৰি মন্ত্ৰীজনৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰদান কৰিম। তাৰ পাছতো যদি অমিত শ্বাহৰ সঁহাৰি নাপাওঁ তেন্তে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যালয়ৰ সন্মুখত আমৰণ অনশন কৰিম,” মন্তব্য কলিতাৰ।

সংগঠনটোৱে লগতে অভিযোগ কৰে যে প্ৰশাসন আৰু মহিলা আয়োগক তেওঁলোকে গোচৰ দিয়া সত্ত্বেও অভিযুক্ত সাংসদজনৰ বিৰুদ্ধে বৰ্তমানেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

Related News