NORTHEAST NOW (Assamese)
অসম

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা অৰূপ বৰঠাকুৰৰ দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 7, 2025 4:32 pm

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা অৰূপ বৰঠাকুৰৰ সোমবাৰে নিশা ১০:৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

বিগত কেইমাহমানৰ পৰা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল অৰূপ বৰঠাকুৰ।

তথ্যচিত্ৰ নিৰ্মাতা হিচাপে অৰূপ বৰঠাকুৰ বিশেষভাৱে পৰিচিত আছিল। ১৯৯০ চনত “নতুন আশা” নামৰ তথ্যচিত্ৰখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অ-ফিচাৰ ফিল্মৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

শেহতীয়াকৈ ভাস্কৰ্য শিল্পী বীৰেণ সিঙৰ জীৱনৰ আধাৰত নিৰ্মিত তেওঁৰ তথ্যচিত্ৰ “শ্বেড’ অৱ এ মাৰ্বল”-এ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা মঞ্চতে ব্যাপক স্বীকৃতি আৰু একাধিক বঁটা লাভ কৰিছে।

উল্লেখযোগ্য যে ২০২৫ চনত ভ্ৰাম্যমাণ থিয়েটাৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ১৮ সংখ্যক ৰদালি বঁটাৰে সন্মানিত কৰা হৈছিল।পৰিয়ালৰ লোকে জনোৱা মতে, মঙলবাৰে বশিষ্ঠ শ্মশানত তেওঁৰ শেষ অনুষ্ঠান সম্পন্ন কৰা হয়।