NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট ভাষাবিদ, ‘সাহিত্যাচাৰ্য’ ড০ ৰমেশ পাঠক অসুস্থ; হাস্পাতলত ভৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 26, 2020 12:23 pm
WhatsApp Image 2020-12-25 at 4.27.56 PM

বিশিষ্ট ভাষাবিদ, সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠক বৰ্তমান অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতলত চিকিৎসাধীন হৈ আছে।

গুৱাহাটীৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ৰ আইচিইউত কিছুদিন চিকিৎসাধীন হৈ থকাৰ পিছত শেহতীয়াকৈ ‘গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল’ত ড০ পাঠকৰ চিকিৎসা চলি আছে।

বৰ্তমান পালমনাৰী আৰু কাৰ্ডিঅ’লজি বিভাগৰ চিকিৎসকৰ তত্বাৱধানত ভাষাবিদগৰাকীৰ চিকিৎসা চলি আছে।

কটন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপকগৰাকীৰ অসুস্থতাৰ খৱৰে তেওঁৰ অনুৰাগীসকলক ব্যথিত কৰি তুলিছে।

অসম সাহিত্য সভাৰ স্বতন্ত্ৰ প্ৰকল্প ‘জাতীয় শিক্ষা সংসদ’ৰ উপদেষ্টা ড০ ৰমেশ পাঠকৰ উন্নত চিকিৎসাৰ বাবে যাৱতীয় দায়িত্ব গ্ৰহণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা জাতীয় শিক্ষা সংসদৰ অধ্যক্ষ ড০ পৰমানন্দ ৰাজবংশী আৰু সচিব ৰাণা বশিষ্ঠই।