NORTHEAST NOW (Assamese)
অসম

অতিমাৰীৰ ৫বছৰ পূৰ্বে কৰ’নাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল চীনে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 10, 2021 8:48 am
corona in china lab

বিশ্বত এই মুহূৰ্তত আটাইতকৈ ডাঙৰ সন্ত্ৰাস হৈছে কৰ’নাৰ সন্ত্ৰাস। ২০১৯চনৰ ডিচেম্বৰৰ পৰা লাহে লাহে গোটেই বিশ্বকে সলনি কৰি দিছে এই ভাইৰাছে।

কৰ’না অতিমাৰীৰ প্ৰকোপ চীনৰ সীমা অতিক্ৰম কৰি গোটেই বিশ্বতে বিয়পি পৰে। তেতিয়াৰে পৰা আমেৰিকাৰ তদানীত্বন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পকে ধৰি বিশ্বৰ বিভিন্ন দেশে চীনৰ প্ৰতি আঙুলি টোৱাইছিল।

অৱশ্যে, চীনে ইচ্ছাকৃতভাৱে বা অনিচ্ছাকৃতভাৱে এই ভাইৰাছ বিয়পোৱাৰ কোনো প্ৰমান পোৱা হোৱা নাই। কিন্তু অতিমাৰীৰ ৫বছৰ পূৰ্বে দেশখনৰ বিজ্ঞানীসকলে এই বিষয়ে চিন্তা কৰিছিল বুলি এক তথ্য পোহৰলৈ আহিছে।

বাতৰি অনুসৰি, ২০১৫চনত চীনৰ বিজ্ঞানী তথা স্বাস্থ্য বিষয়াসকলে SARS কৰ’না ভাইৰাছক এক ‘নতুন যুগৰ জৈৱিক অস্ত্ৰ’ বুলি অভিহিত কৰিছিল।

উইকেণ্ড অষ্ট্ৰেলিয়াৰ প্ৰতিবেদন অনুসৰি এই SARS কৰ’না ভাইৰাছক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কথাও চিন্তা কৰা হৈছিল।

প্ৰতিবেদনত দাবী কৰা মতে, সম্ভাৱ্য তৃতীয় বিশ্ব যুদ্ধৰ প্ৰধান অস্ত্ৰ হ’ব জৈৱিক অস্ত্ৰ। কিদৰে চীনৰ সামৰিক বিজ্ঞানীসকলে অতিমাৰীৰ ৫বছৰ পূৰ্বে কৰ’নাক জৈৱিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল সেয়া প্ৰতিবেদনত সদৰী কৰা হৈছে।

এই সন্দৰ্ভত নিউজ অষ্ট্ৰেলিয়াৰ ৱেবছাইটক অষ্ট্ৰেলিয়াৰ ষ্ট্ৰেটেজিক পলিচি ইনষ্টিটিউটৰ সঞ্চালক পিটাৰ জেনিংছে কয়,’’মই ভাৱো এই তথ্যটো অত্যন্ত তাৎপৰ্যপূৰ্ণ। কিয়নো ই প্ৰমান কৰিছে যে চীনৰ বিজ্ঞানীসকলে এই ভাইৰাছক সামৰিক কামত ব্যৱহাৰৰ পৰিকল্পনা কৰিছিল। ইয়াৰ পৰা পুনৰ এবাৰ পোহৰলৈ আহিল যে হয়তো দুৰ্ঘটনাক্ৰমে চীনৰ পৰাই এই ভাইৰাছটো বিশ্বত বিয়পি পৰে।‘’

পিটাৰ জেনিংছে লগতে দাবী কৰি কয় যে সেই কাৰণেই হয়তো চীনে কৰ’না ভাইৰাছক লৈ কোনো তদন্ত হোৱাটো বিচৰা নাছিল।