NORTHEAST NOW (Assamese)
অসম

বিকট শব্দ! বিয়পিল আতংক, সদ্যহতে বন্ধ হৈ পৰিল উত্তৰকাশীৰ সুৰংগত আৱদ্ধ ৪০ শ্ৰমিকৰ উদ্ধাৰৰ কাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 18, 2023 10:28 am

উত্তৰকাশীৰ ভঙা সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰৰ কাম বন্ধ হৈ পৰিছে। শুকুৰবাৰে বিয়লি উদ্ধাৰকাৰীয়ে এক্সকেভেটৰেৰে সুৰংগটোৰ মুখত আবদ্ধ হৈ থকা শিলবোৰ আঁতৰাই নিয়াৰ সময়ত এটা জোৰকৈ ফাট মেলাৰ শব্দ শুনিবলৈ পায়। তেতিয়াৰ পৰাই উদ্ধাৰ অভিযান বন্ধ হৈ পৰিছে।

উদ্ধাৰকাৰীৰ মতে সুৰংগটোৰ ভিতৰত আন এক ধ্বংস সংঘটিত হৈছে। উদ্ধাৰৰ কাম অব্যাহত থাকিলে আৰু অধিক ধ্বংস হোৱাৰ আশংকাও কৰা হৈছে। এই পৰিস্থিতিত শ্ৰমিকসকলক কেনেদৰে উদ্ধাৰ কৰিব পাৰি সেই বিষয়ে সিদ্ধান্ত ল’বলৈ বিশেষজ্ঞৰ এখন বৈঠক আহ্বান কৰা হৈছে। ইয়াৰ উপৰিও প্ৰশাসনিক বিষয়াসকলেও পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এখন বৈঠকত বহিব।

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে এক বিবৃতিত কয় যে, ‘শুকুৰবাৰে দুপৰীয়া প্ৰায় ২:৪৫ বজাত উদ্ধাৰ অভিযানৰ সময়ত উদ্ধাৰকাৰী দল আৰু বিষয়াসকলে জোৰেৰে ফাট মেলাৰ শব্দ শুনা পায়। সুৰংগটোত থকা উদ্ধাৰকাৰী দলৰ মাজত আতংক বিয়পি পৰে। সুৰংগটোত আৰু অধিক খহনীয়া হোৱাৰ সম্ভাৱনা আছে। সেই অনুসৰি সদ্যহতে উদ্ধাৰৰ কাম বন্ধ কৰি দিয়া হৈছে।”

লগতে পঢ়কঃ ODI World Cup 2023: ফাইনেলৰ পিটচ কেনেকুৱা? ভালদৰে চাই ল’লে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই

ভাঙি পৰা সুৰংগটোৰ এটা শিল কাটি তিনি ফুটতকৈও কম দীঘল পাইপ সুমুৱাই শ্ৰমিকক উদ্ধাৰৰ পৰিকল্পনা কৰা হৈছিল। NHIDCL-য়ে কয় যে সদ্যহতে সেই কামো বন্ধ কৰা হৈছে। প্ৰশাসনৰ মতে, শ্ৰমিকক উদ্ধাৰৰ বাবে ৬০ মিটাৰ ফুটা কৰিব লাগিব। ইয়াৰ পিছত সেই গাঁতটোত ৮০০ আৰু ৯০০ মিলিমিটাৰ ব্যাসৰ পাইপ এটা সুমুৱাই দিয়া হ’ব আৰু তাৰ মাজেৰে শ্ৰমিকসকলক অনা হ’ব। কিন্তু ফাট মেলাৰ শব্দৰ পিছৰে পৰা সেই কাম বন্ধ হৈ গৈছে। কঠিন শিলৰ বাবে এক্সকেভেটৰো ক্ষতিগ্ৰস্ত হয়।

উত্তৰাখণ্ড চৰকাৰেও শ্ৰমিকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ থাইলেণ্ড আৰু নৰৱেৰ দুটা সংগঠনক আহ্বান জনাইছিল। ২০১৮ চনৰ জুন মাহত থাইলেণ্ডৰ বানপানীৰ ফলত ১২ জন যুৱ ফুটবলাৰ আৰু তেওঁলোকৰ প্ৰশিক্ষক গুহাত আবদ্ধ হৈ পৰিছিল। অতি প্ৰতিকূল পৰিস্থিতিত তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে সমগ্ৰ বিশ্বতে থাইলেণ্ডৰ উদ্ধাৰ সংস্থাটোৱে প্ৰশংসা লাভ কৰিছিল। এইবাৰ সেই সংগঠনৰ অভিজ্ঞতা উত্তৰাখণ্ডত ব্যৱহাৰ কৰাৰ চেষ্টা চলোৱা হৈছে।

লগতে পঢ়কঃ পাণ-গুডখা খোৱা সকল অশিক্ষিত আৰু নিৰ্বোধ : পুৰীৰ জগন্নাথ মন্দিৰত নিষিদ্ধ হ’ল পাণ-গুডখা

শুকুৰবাৰৰ ভিতৰত উদ্ধাৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছিল। কিন্তু স্থানত নতুনকৈ ফাট মেলাত ইয়াক লৈ সন্দেহৰ সৃষ্টি হৈছে। উত্তৰকাশীৰ সুৰংগত ১৬৫ জন উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান চলাই আছে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ প্ৰতিৰোধ বাহিনী, ভাৰত-তিব্বত আৰক্ষী আৰু সীমান্ত পথ বাহিনীও আছে। ভাঙি পৰা সুৰংগটোত আবদ্ধ হৈ আছে পশ্চিম বংগৰ তিনি শ্ৰমিক।

ইতিমধ্যে ১৪৮ ঘন্টা পাৰ হৈ গ’ল। উত্তৰকাশীৰ ভঙা সুৰংগটোত এতিয়াও আবদ্ধ হৈ আছে ৪০ জন শ্ৰমিক। আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ বাবে প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰিছে। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ব্ৰহ্মকাল-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ ছিলকিয়াৰা আৰু দোণ্ডলাহগাঁৱৰ মাজত যোৱা দেওবাৰে পুৱা চাৰে চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ নিৰ্মাণাধীন সুৰংগটোৰ এটা অংশ ভাঙি পৰে। ইয়াৰ বাবেই সেই সুৰংগটোত আবদ্ধ হৈ পৰিল ৪০ জন শ্ৰমিক।

লগতে পঢ়কঃ আত্মশ্লাঘা! ফাইনেলত অষ্ট্ৰেলিয়া ৪৫০/২, ভাৰত ৬৫ৰানত অল আউট; ভৱিষ্যদ্বাণী মিচেল মাৰ্ছৰ

অৱশ্যে তেওঁলোকক সুস্থ কৰি ৰখাৰ চেষ্টাত কোনো ত্ৰুটি কৰা নাই উদ্ধাৰকাৰীয়ে। সুৰংগটোত খাদ্য, ঔষধকে ধৰি দৈনিক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা হৈছে। আৱদ্ধ হৈ থকা ৪০ জন শ্ৰমিকৰ মনোবল অক্ষত ৰাখিবলৈ নিয়মীয়াকৈ যোগাযোগ ৰখা হৈছে। এই সকলোবোৰৰ মাজতো উদ্ধাৰ কামৰ প্ৰক্ৰিয়াটো দীঘলীয়া হোৱাৰ লগে লগে শ্ৰমিকসকলৰ সুৰক্ষাকলৈ সংশয় বাঢ়িছে।