NORTHEAST NOW (Assamese)
Popular Stories

The Sun: পৃথিৱীখন গিলিবলৈ আহি আছে ভোকাতুৰ সূৰ্য! শেহতীয়া গৱেষণাত চাঞ্চল্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 23, 2022 9:15 am

Sun will eat Mercury, Venus, and Earth যি জীৱনদায়ী সূৰ্যৰ বাবে পৃথিৱীখন তথা জীৱকূল বৰ্তি আছে, সেই সূৰ্যই পৃথিৱীখন গিলিবলৈ আহি আছে! শুনি আচৰিত হৈছে নিশ্চয়? কিন্তু জ্যোতিৰ্বিজ্ঞানীসকলৰ শেহতীয়া গৱেষণাই এনে এক আশংকাৰ কথাকে সদৰী কৰিছে। তেওঁলোকে পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ জটিল তত্ত্ব প্ৰয়োগ কৰি বৈজ্ঞানিক ব্যাখ্যাও দিছে। কি আছে এই ব্যাখ্যাত?

ৰয়েল এষ্ট্ৰোনমিকেল জাৰ্নেলৰ প্ৰতিবেদন পঢ়ি সকলোৱে চিন্তাত মূৰত হাত দিছে। সঁচাকৈয়ে পৃথিৱীৰ ধ্বংস আসন্ন নেকি? বিজ্ঞানীসকলে তাৰো উত্তৰ দিছে।

পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ ব্যাখ্যা অনুসৰি সূৰ্য হৈছে হাইড্ৰ’জেনৰ এক বিশাল ভাণ্ডাৰ। সেইটো তেওঁৰ জীৱনীশক্তি, ইন্ধন শক্তি। সেয়ে ই বিশ্বব্ৰহ্মাণ্ডত এটা বিশাল অগ্নিপিণ্ড হৈ তাপ বিচ্ছুৰিত কৰে। আৰু সেই তাপ শক্তি আৰু পোহৰ শক্তিৰ পৰাই পৃথিৱীত প্ৰাণৰ অংকুৰণ হয়। কঠিন মাটিত সেউজীয়াৰ পৰশ, প্ৰাণৰ স্পন্দন ঘটে।

কিন্তু সকলো বস্তুৱে এদিন শেষ হৈ যায়। একেদৰে সূৰ্যৰ ভিতৰৰ ইন্ধন হাইড্ৰ’জেনো ক্ৰমান্বয়ে শেষ হৈ আহিছে। আৰু সেয়া শেষ হ’লেই ভোকাতুৰ হৈ পৰিব সূৰ্য। তেতিয়াই নামি আহিব পাৰে এক মহাজাগতিক বিপৰ্যয়।

তীব্ৰ ভোকৰ বাবে দৈত্যকায় ভোকাতুৰ সূৰ্যই এইবাৰ নিজৰ ইন্ধন সংগ্ৰহ কৰিবলৈ ইয়াৰ নিকটতম গ্ৰহবোৰৰ পিনে ঢাপলি মেলিব। সূৰ্যৰ তিনিটা নিকটতম গ্ৰহ হৈছে বুধ, শুক্ৰ আৰু পৃথিৱী।

জ্যোতিৰ্বিজ্ঞানীসকলে অনুমান কৰিছে যে সৌৰজগতত এক বৃহৎ আলোড়ন ঘটিব। ঠিক যেনেদৰে সৃষ্টিৰ সময়ত হৈছিল। এটাৰ পিছত এটাকৈ নিকটতম গ্ৰহবোৰ গিলি উজ্জ্বল তাৰুণ্য ঘুৰি আহিছিল মহাকাশৰ নক্ষত্ৰবোৰৰ। আকৌ সেই চিৰন্তন মহাজাগতিক পৰিৱৰ্তনৰ সাক্ষী হ’ব পৃথিৱী। প্ৰায় ৪৬০ কোটি বছৰ আগতে সৃষ্টি হোৱা অতীতৰ সেই পৰিস্থিতি ঘূৰি আহিব।

অৱশ্যে, সেই দিনটোলৈ এতিয়াও বহু দূৰ আছে। বিজ্ঞানীসকল তেতিয়ালৈকে মানৱ সভ্যতা জীয়াই থাকিব নে নাই তাকলৈও সন্দিহান। এই মুহূৰ্তত সূৰ্য মধ্যবয়স্ক। ইয়াৰ ভিতৰত থকা হাইড্ৰ’জেন, হিলিয়াম গেছৰ ভাণ্ডাৰ স্থিৰ হৈ আছে। সংমিশ্ৰণ পদ্ধতিত বিকিৰণ চলি আছে। তাৰ পিছত এটা সময়ত ই শীতল হৈ পৰিব আৰু এক ক্ষুধাতুৰ নক্ষত্ৰলৈ পৰিণত হ’ব। তেতিয়া হয়তো পৃথিৱী বাচি গ’লেও সূৰ্যৰ পেটত সোমাব বুধ আৰু শুক্ৰ।