NORTHEAST NOW (Assamese)
অসম

Bush frogs শ্বিলঙত উদ্ধাৰ দেহত ছয়টা ৰং থকা বিশেষ প্ৰজাতিৰ ভেকুলী

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী July 14, 2022 9:56 am
Bush frogs শ্বিলঙত উদ্ধাৰ দেহত ছয়টা ৰং থকা বিশেষ প্ৰজাতিৰ ভেকুলী

জৈৱ বৈচিত্ৰৰে ভৰপূৰ উত্ৰ-পূব ভাৰতত নানান প্ৰজাতিৰ প্ৰাণী তথা উদ্ভিদ লোকচক্ষুৰ পৰা দূৰৈতে আছে । শেহতীয়াকৈ শ্বিলঙত উদ্ধাৰ হৈছে এক বিশেষ প্ৰজাতিৰ ভেকুলী।

মেঘালয়ৰ পূব খাচী পাহাৰৰ ওখ অঞ্চলত দেখা পোৱা গৈছে অতি সৰু ঈকৃতিৰ ৰং-বিৰঙৰ ভেকুলীৰ প্ৰজাতি।এই ভেকুলূী দেখি আনন্দিত হৈ পৰিছে গৱেষকসকল। গৱেষকসকলে যে ভেকুলীটোৰ আকাৰ ইমানেই সৰু যে ই আৰামেৰে মানুহৰ নখত বহিব পাৰে।

এই ভেকুলীটোৰ দেহত কমেও ছয়টা পৃথক ৰং বিদ্যমান হৈছে বুলি আৱিষ্কাৰ সকলে মন্তব্য কৰিছে। ভাৰতীয় জুলজিকেল চাৰ্ভেৰ ভাস্কৰ শইকীয়া আৰু ইলোনা জে খাৰকংগোৰৰ নেতৃত্বত গৱেষকসকলে উভচৰ আৰু সৰীসৃপৰ বিষয়ে অধ্যয়ন চলাইছিল। মেঘালয়ৰ সংৰক্ষিত বনাঞ্চলত এই ভেকুলী প্ৰজাতিটো ইদ্ধাৰ হৈছে।

শ্বিলঙৰ স্থানীয় আৰু পূব খাচী পাহাৰৰ উচ্চতাত এই মতা ভেকুলীটো উদ্ধাৰ হৈছে।ভেকুলীটোৱে “টিক-টিক” শব্দ কৰে। শ্বিলং বাছ ভেকুলী নামেৰে জানাজাত এনে ভেকুলী বহি বছৰ ধৰি দেখা পোৱা যোৱা নাছিল। ইয়াৰ শৰীৰৰ আকাৰৰ আন ভেকুলীৰ তুলনাত তেনেই সৰু।