প্ৰৱাসী ভাৰতীয়ৰ নামত মেডিকেলৰ আসন সংৰক্ষণে সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বৃহৎ ক্ষতি কৰিবঃ ডি ৱাই এফ আই

প্ৰৱাসী ভাৰতীয় অৰ্থাৎ ‘নন ৰেচিডেন্টল ইণ্ডিয়ান’ (এন আৰ আই) ছাত্ৰৰ নামত ১২৬ খন (১০%) সংৰক্ষণ কৰি অসম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। এই অভিযোগ উত্থাপন কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন, চমুকৈ ডি ৱাই এফ আই- এ।
অসম চৰকাৰৰ এই থলুৱা বিৰোধী সিদ্ধান্তক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ বিৰোধিতা কৰিছে আৰু ইয়াক প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।
সংগঠনটোৱে কয়, সাংবিধানিকভাৱে জাতি-জনগোষ্ঠীৰ নামত সংৰক্ষণৰ ব্যৱস্থা থকাৰ পাছতো এনেদৰে পুনৰ এক বৃহৎ সংখ্যক আসন সংৰক্ষণৰ মাজলৈ অনাৰ ফলত ৰাজ্যখনৰ বহু মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী যে মেডিকেল শিক্ষাৰ পৰা বঞ্চিত হ’ব সেয়া নিশ্চিত।
“এই সিদ্ধান্তই সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বৃহৎ ক্ষতি কৰিব। অসম চৰকাৰৰ এনে অদূৰদৰ্শী আৰু বেপাৰমূখী সিদ্ধান্তই ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীক বঞ্চনা কৰাৰ লগতে ভবিষ্যতে চিকিৎসা সেৱাৰ ক্ষেত্ৰতো ৰাজ্যবাসীয়ে বৃহৎ ক্ষতিৰ সন্মুখীন হ’ব।”– ডি ৱাই এফ আই- এ কয়।
অসম চৰকাৰৰ অবিবেচক সংৰক্ষণ নীতি ঘোষণা কৰাৰ পাছতেই ৰাজ্যৰ মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
জনমতক সন্মান কৰিব নিবিচৰা আৰু একচ্ছত্ৰী সম্ৰাটৰ দৰে আচৰণ কৰা ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ স্বাস্থ্য বিষয়কলৈও হেতালি খেলা আৰম্ভ কৰিছে বুলি সংগঠনটোৱে লগতে দাবী কৰে।
ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে এনে অসম বিৰোধী সিদ্ধান্ত তৎকালে বাতিল কৰিবলৈ দাবী জনাইছে।