NORTHEAST NOW (Assamese)
Popular Stories

নতুন ১০০ আৰু ২০০ টকীয়া নোট প্ৰচলনৰ ঘোষণা ৰিজাৰ্ভ বেংকৰ! কি হ’ব পুৰণি নোটসমূহৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 13, 2025 10:27 am

১০০ আৰু ২০০ টকীয়া নোটক লৈ এক বৃহৎ আপডেট দিলে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই ঘোষণা কৰিছে, শীঘ্ৰে নতুন ১০০ আৰু ২০০ টকীয়া নোট বজাৰলৈ আহিব। ১১ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে এই তথ্য জনাইছে আৰু এই বিষয়ে এক বিজ্ঞপ্তিও প্ৰকাশ কৰা হৈছে।

উল্লেখ্য যে, বৰ্তমান আৰ্থিক ব্যৱস্থাত মুদ্ৰাৰ নক্সা আৰু নিৰাপত্তা বৈশিষ্ট্যত পৰিৱৰ্তন অনাটো এক স্বাভাৱিক প্ৰক্ৰিয়া। প্ৰতিগৰাকী নতুন গভৰ্ণৰৰ দায়িত্ব গ্ৰহণৰ পছতে ৰিজাৰ্ভ বেংক অ ইণ্ডিয়াই সাধাৰণতে নতুন নোট প্ৰকাশ কৰে। এইবাৰো সেই ব্যৱস্থাই গ্ৰহণ কৰা ব।

আৰবিআয়ে ঘোষণা কৰিছে, শীঘ্ৰে বজাৰলৈ আহিব নতুন ১০০ আৰু ২০০ টকীয়া নোট। নতুন এই নোটত থাকিব বৰ্তমানৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ স্বাক্ষৰ। কিন্তু পুৰণি নোটৰ ব্যৱহাৰ আৰু বৈধতাক লৈ বহুতৰে মনত প্ৰশ্ন উঠিছে।

আহিবলগীয়া নোটসমূহ মহাত্মা গান্ধী (নতুন) ছিৰিজৰ ১০০ আৰু ২০০ টকীয়া নোটৰ দৰেই হব দেখাত। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত মহাত্মা গান্ধী ছিৰিজৰ নতুন ৫০ টকীয়া নোট আৰম্ভ কৰা হৈছিল।

প্ৰতিগৰাকী নতুন গভৰ্ণৰৰ নামতে আৰবিআয়ে সাধাৰণতে নতুন নোট আৰম্ভ কৰে। ডিচেম্বৰ ২০২৪ত শক্তিকান্ত দাসৰ পৰিৱৰ্তে সঞ্জয় মালহোত্ৰাই আৰবিআইৰ গভৰ্ণৰৰ দায়িত্ব গ্ৰহণ কৰে। তাৰ পাছৰে পৰা আৰবিআয়ে নতুন ৫০, ১০০ আৰু ২০০ টকীয়া নোট বজাৰলৈ অনাৰ সিদ্ধান্ত লয়।

নতুন নোট বজাৰলৈ আহিলেও পুৰণি ১০০ আৰু ২০০ টকীয়া নোট চলি থাকিব। লেনদেনত এই নোটবোৰ বৈধ হৈ থাকিব বুলি নিশ্চিত কৰিছে ৰিজাৰ্ভ বেংকে। সেয়ে সাধাৰণ মানুহক কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই, পূৰ্বৰ দৰেই চলি থাকিব এই নোটবোৰ।