NORTHEAST NOW (Assamese)

ৰিজাৰ্ভ বেংকে নীৰৱ, মালিয়া, চক্সিৰ দৰে পলাতকৰ ঋণ আদায় কৰক : পি চিদাম্বৰম

April 30, 2020 2:19 pm · এন ই নাও নিউজ
প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী পি চিদাম্বৰম (ফাইল ফ'টো)

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে দেশৰ কেইহাগৰাকীও পুঁজিপতিৰ ঋণ মাফ কৰা সন্দৰ্ভত আজি ভাৰতীয় ৰিজাৰ্ভ বেংকক উদ্দ্যেশ্যি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

প্ৰাক্তন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী চিদাম্বৰমে নীৰৱ মোদী, মেহুল চক্সি আৰু বিজয় মালিয়াৰ দৰে পলাই যোৱা ব্যক্তিৰ পৰা চৰকাৰ তথা ৰিজাৰ্ভ বেংকে ঋণ আদায়ৰহে ব্যৱস্থা কৰিব লাগে বুলি মন্তব্য কৰে।

তেওঁ লগতে কয় যে সেই লোকসকলৰ পৰা ঋণ আদায়ৰ বাবে বৰ্তমান প্ৰযোজ্য হৈ থকা কিছু নিয়মৰ সাল সলনিও কৰিব পৰা যায়।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৰিজাৰ্ভ বেংকে সকলো বেংককে ঋণ আদায়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ বাবে আহ্বান জনায়।

উল্লেখ্য যে, কংগ্ৰেছে দাবী কৰিছে যে ২৪ এপ্ৰিলত এক আৰ টি আইৰ উত্তৰত ৰিজাৰ্ভ বেংকে ৫০ গৰাকী ব্যক্তিৰ প্ৰায় ৬৮,৬০৭ কোটি টকা ঋণ মাফ কৰা বুলি চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছিল।

এই ৫০ গৰাকী ব্যক্তিৰ তালিকাত ব্যৱসায়ী চৌকছি, নীৰৱ মোদী আৰু বিজয় মালিয়াৰ দৰে ব্যক্তিও অন্তৰ্ভুক্ত আছে।

Related News