NORTHEAST NOW (Assamese)

চিনাক্ত হ’ল মেঘালয়ৰ কয়লা খনিত উদ্ধাৰ হোৱা খনি শ্ৰমিকৰ মৃতদেহ

January 25, 2019 7:41 pm · এন ই নাও নিউজ

মেঘালয়ৰ কয়লা খনিত উদ্ধাৰ হোৱা শ্ৰমিকৰ মৃতদেহটো চিনাক্ত কৰা হৈছে। ২৪ জানুৱাৰি বৃহস্পতিবাৰে উদ্ধাৰ কৰা শ্ৰমিকজনৰ মৃতদেহটো চিৰাঙৰ আমীৰ হুছেইন বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে।

এগৰাকী জ্যেষ্ঠ জিলা প্ৰশাসনৰ বিষয়াই কৈছে যে আজি ২৫ জানুৱাৰি শুকুৰবাৰে মৃত শ্ৰমিকজনৰ মাতৃ আৰু পত্নীয়ে তেওঁৰ মৃতদেহটো চিনাক্ত কৰে। প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ কৰাৰ পাছত জিলা প্ৰশাসনে মৃতদেহটো চিৰাং জিলাত থকা শ্ৰমিকজনৰ ঘৰলৈ নিয়াৰ সমস্ত বন্দোবস্ত কৰে। বৰ্তমান উদ্ধাৰকাৰী দলে আবদ্ধ শ্ৰমিকসকলৰ মৃতদেহসমূহ উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে বুলি বিষয়াসকলে জনাইছে।

উল্লেখ্য যে বৃহস্পতিবাৰে এখন জল নিমজ্জিত দূৰ নিয়ন্ত্ৰিত যানৰ দ্বাৰা মৃতদেহটো উদ্ধাৰ কৰিছিল আৰু মেঘালয়ৰ খ্লিহৰিয়াট (Khliehriat) সমূহীয়া স্বাস্থ্যকেন্দ্ৰৰ শৱগৃহত ৰখা হৈছিল। তাৰ পাছত দণ্ডাধীশ, জিলা উপায়ুক্ত আৰু স্বাস্থ্য বিষয়াৰ উপস্থিতিত মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়।

ইয়াৰ পূৰ্বে মৃতদেহটো এবাৰ এই যানখনৰ পৰা পিচলি গৈছিল। যদিওবা এই মৃতদেহটোত পচন ধৰিছে তথাপি ই একেবাৰে ঠিকে ঠাকে আছে। মৃতদেহটো ১৭০ ফুট গভীৰতাৰ পৰা তুলি অনা হয়।

Related News