NORTHEAST NOW (Assamese)
দেশ

আৰ জি কৰ ধৰ্ষণৰ গোচৰত আদালতত দোষী সাব্যস্ত হ’ল সঞ্জয় ৰায় : আদালতৰ সমুখত ফাঁচীৰ দাবী জনতাৰ

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক January 18, 2025 3:00 pm
আৰ জি কৰ ধৰ্ষণৰ গোচৰত আদালতত দোষী সাব্যস্ত হ’ল সঞ্জয় ৰায় : আদালতৰ সমুখত ফাঁচীৰ দাবী জনতাৰ

দেশ কঁপাই যোৱা কলিকতাৰ আৰ জি কৰ হত্যা আৰু ধৰ্ষণ কাণ্ডৰ গোচৰত দোষী সাব্যস্ত হ’ল সঞ্জয় ৰায়।

আজি কলিকতাৰ এখন সত্ৰ আদালতে অভিযুক্ত সঞ্জয় ৰায়ক এই জঘন্য অপৰাধত জড়িত থকাৰ বাবে দোষী সাব্যস্ত কৰিছে।

ফৰেনছিক প্ৰমাণৰ ভিত্তিত সঞ্জয় ৰায়ক দোষী সাব্যস্ত কৰা হৈছে।

ন্যায়াধীশ অনিৰ্বান দাসে কয় যে ৰয়ৰ বাবে সৰ্বোচ্চ সম্ভাৱ্য শাস্তি হ’ব মৃত্যুদণ্ড। আনহাতে নূন্যতম সম্ভাৱ্য শাস্তি হ’ব যাৱজ্জীৱন কাৰাদণ্ড।জানিব পৰা মতে, অহা সোমবাৰে আদালতে সঞ্জয়ৰ শাস্তি ঘোষণা কৰিব।