NORTHEAST NOW (Assamese)

ইনষ্টাগ্ৰামলৈ ওভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

March 8, 2021 2:57 pm · এন ই নাও নিউজ
Updated: March 8, 2021 4:45 pm
456894798

আঠ মাহৰ মূৰত পুনৰ ইনষ্টাগ্ৰামলৈ উভটি আহিল বলিউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী।

দেওবাৰে অভিনেত্ৰীগৰাকীয়ে আল্তৰ্জাতিক নাৰী দিৱস উপলক্ষে মাতৃ সন্ধ্যা চক্ৰৱৰ্তীলৈ উচৰ্গা কৰি এটা প’ষ্ট শ্বেয়াৰ কৰে।

প’ষ্টটোত শ্বেয়াৰ কৰা ফটোখনত দুখন হাত দেখা গৈছে। হাত দুখন ৰিয়া আৰু তেওঁৰ মাতৃৰ।

প’ষ্টটোৰ দ্বাৰা মাতৃক নিজৰ শক্তি, বিশ্বাস আৰু সুৰক্ষা বুলি অভিহিত কৰি অভিনেত্ৰীগৰাকীয়ে নাৰী দিৱসৰ শুভেচ্ছা জনাইছে।

প’ষ্টটোত অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলেও তেওঁলৈ নাৰী দিৱসৰ শুভেচ্ছা জনাই শক্তি আৰু সাহস নেহেৰুৱাবলৈ কৈছে।

 

View this post on Instagram

 

A post shared by Rhea Chakraborty (@rhea_chakraborty)

উল্লেখযোগ্য বলিউডৰ অভিনেতা তথা ৰিয়াৰ প্ৰেমিক সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা সম্পৰ্কত অভিনেতাজনৰ পৰিয়ালে ৰিয়াক অভিযুক্ত কৰিছিল।

পাছত আত্মহত্যাৰ ঘটনাটো চিবিআই, এনফৰ্চমেণ্ট ডিৰেক্টৰেট আৰু নাৰক’টিকছ কণ্ট্ৰল ব্যুৰো (এনচিবি)য়ে অনুসন্ধান চলাইছিল।

যোৱা বছৰ এনচিবিয়ে ৰিয়াক গ্ৰেপ্তাৰ কৰিছিল আৰু পাছত জামিনত মুক্তি লাভ কৰিছিল।

ৰিয়া গ্ৰেপ্তাৰ হোৱাৰ সময়ত তেওঁৰ মাতৃ সন্ধ্যা চক্ৰৱৰ্তীয়ে কৈছিল যে ৰিয়া এগৰাকী যুঁজাৰু আৰু আশা কৰিছিল যে দুৰ্ভাগ্যজনক ঘটনাসমূহে যাতে ৰিয়াৰ মনোবল ভাঙি নেপেলায়।

শেহতীয়াকৈ ৰিয়া অভিনীত ‘চেহৰে’ নামৰ চিনেমাখন চিত্ৰগৃহলৈ আহিব যদিও চিনেমাখনৰ প্ৰম’চনেল প’ষ্টাৰত ৰিয়াৰ ছৱি সংলগ্ন হোৱা নাই।

ৰিয়াৰ উপৰিও চিনেমাখনত অমিতাভ বচ্ছন আৰু ইমৰাণ হাছমীয়েও অভিনয় কৰিছে।

Related News