NORTHEAST NOW (Assamese)

কাজিৰঙাত গড়ৰ আক্ৰমণত আহত পিতা-পুত্ৰ

April 13, 2023 3:19 pm · এন ই নাও নিউজ, গুৱাহাটী

কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গঁড়ৰ আক্ৰমণত দুজন মটৰচাইকেল আৰোহী আহত হোৱাৰ খবৰ বৃহস্পতিবাৰে প্ৰকাশ পাইছে।

খবৰ অনুসৰি কহৰা ৰেঞ্জৰ সমীপৰ হালধিবাৰী কৰিডৰত সংঘটিত হৈছে এই ঘটনা। গঁড়ৰ আক্ৰমণত আহত হৈছে দুই পিতৃপুত্ৰ।

লাভ কৰা তথ্য অনুসৰি তেজপুৰৰ পৰা পিতৃপুত্ৰই দুচকীয়া বাহনেৰে যোৰহাট অভিমুখে গৈ থকা অৱস্থাত গঁড়টোৱে তেওঁলোকৰ বাহনখনক আক্ৰমণ কৰে।

গঁড়ৰ আক্ৰমণত পিতৃপুত্ৰ দুয়ো আহত হয় যদিও জ্ঞানম মহন্ত নামৰ পুত্ৰজন গুৰুতৰভাৱে আহত হোৱাটো চৰ্চালৈ আহিছে।

ততাতৈয়াকৈ দুয়োকে কহৰাৰ প্ৰাথমিক চিকিৎসালয়ত চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে য’ত তেওঁলোকে বৰ্তমান চিকিৎসা গ্ৰহণ কৰি আছে।

ঘটনাৰ সৈতে পৰিচিত এজন ব্যক্তিয়ে কয়, ‘আজি পুৱা প্ৰায় ৭.৩০ বজাত হালধিবাৰী পশু কৰিডৰ এলেকাত দুজন লোকক গঁড়ে আক্ৰমণ কৰে। তেওঁলোক তেজপুৰৰ পৰা আহি মটৰ চাইকেলেৰে আছিল ।”

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত ইষ্টাৰ্ণ ৰেঞ্জ গামিৰীৰ পৰা অহা এশিঙীয়া গঁড় এটাই চাৰিগৰাকী বনকৰ্মীক আহত কৰিছিল

Related News