NORTHEAST NOW (Assamese)

কাজিৰঙাৰ হাতীখুলিত গঁড়ৰ আক্ৰমণত এজনৰ মৃত্যু : ক্ষতিপূৰণৰ দাবীত ৰাইজৰ পথ অৱৰোধ

January 18, 2019 10:55 am · উত্তম শইকীয়া
প্ৰতীকি ফটো

কাজিৰঙাৰ হাতীখুলি চাহ বাগিছাত আজি পুৱা প্ৰাতঃকৃত্য কৰিবলৈ যোৱা এজন লোকক গঁড়ে আক্ৰমণ কৰাৰ ফলত লোকজনৰ থিতাতে মৃত্যু হয় ৷

জানিব পৰা মতে প্ৰাতঃকৃত্য কৰিবলৈ যাওঁতে হাতীখুলি চাহ বাগিছাৰ ধুণ্ডা ভূমিজ (৬০) নামৰ  লোকজনক কাজিৰঙাৰ পৰা ওলাই অহা এটা গঁড়ে আক্ৰমণ কৰে। গঁড়টোৰ আক্ৰমণৰ ফলত হাতীখুলি চাহ বাগিছাৰ ৬ নম্বৰ লাইনৰ ধুণ্ডা ভুমিজ নামৰ লোকজনৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ ঘটনাৰ পাছতে ঘটনাস্থলীত গৈ বন আৰু আৰক্ষী বিভাগৰ লোক উপস্থিত হয়।

আনহাতে, হাতীখুলি চাহ বাগিছা এলেকাত চৰকাৰৰ অনাময় আচঁনি আজিলৈকে ৰূপায়ণ নোহোৱাৰ উপৰি বাগিছা কৰ্তৃপক্ষয়ো পৰ্যাপ্ত শৌচালয় নিৰ্মাণ নকৰাৰ বাবেই এনে ধৰণৰ ঘটনা সংঘটিত হ’ল বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। তদুপৰি,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত এনে ধৰণৰ দুৰ্ঘটনা পূৰ্বেও সংঘটিত হৈছে।

ইপিনে, চৰকাৰে মৃতকৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত স্থানীয় ৰাইজে ৩৭ নং ৰাষ্ট্ৰীয় পথো অৱৰোধ কৰে।

Related News