NORTHEAST NOW (Assamese)

কাজিৰঙাৰ দুৰ্ধৰ্ষ গঁড় চিকাৰী দাম্বে কুটুমক কৰায়ত্ত

November 3, 2019 9:17 am · উত্তম শইকীয়া
Updated: November 3, 2019 9:20 am
আৰক্ষীৰ জালত কাজিৰঙাৰ দুৰ্ধৰ্ষ গঁড় চিকাৰী দাম্বে কুটুম।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ চৰ-চাপৰি আৰু অগৰাতলী বনাঞ্চলত হোৱা একাধিক গঁড় হত্যাৰ সৈতে জড়িত দাম্বে কুটুম নামৰ এজন দুৰ্ধৰ্ষ চোৰাংচিকাৰীক যোৱা নিশা বন বিভাগ আৰু আৰক্ষীয়ে কৰায়ত্ত কৰে৷

গহপুৰৰ হেলেম থানাৰ আৰক্ষীৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশ্বনাথত থকা অপৰাধ অনুসন্ধান ৰেঞ্জ গমিৰি  আৰু অগৰাতলী ৰেঞ্জৰ দ্বাৰা গঠিত এটা অভিযানকাৰী দলে যোৱা নিশা গহপুৰৰ পৰা দাম্বে কুটুমক আটক কৰে।

গঁড় চিকাৰ কৰাৰ উপৰি দাম্বে কুটুমে অৰুণাচল প্ৰদেশৰ জনৈক ডফলা ব্যক্তিৰ সহযোগত কাজিৰঙাত অন্যান্য গঁড় চিকাৰীক অস্ত্ৰৰ যোগান ধৰি আহিছিল বুলি জানিব পৰা গৈছে।

বন বিভাগৰ সূত্ৰত প্ৰকাশ, ৩১ অক্টোবৰত বোকাখাতত অস্ত্ৰসহ কৰায়ত্ত কৰা মইনা ওৰফে কিৰণ দাস আৰু ৰনোজ পেগুকো এই দাম্বে কুটুমেই অস্ত্ৰৰ যোগান ধৰিছিল৷

এই দুজন ধৃত চোৰাংচিকাৰীয়ে তেওঁলোকক দাম্বে কুটুমে অস্ত্ৰ যোগান ধৰা বুলি স্বীকাৰোক্তি দিছিল। তেওঁলোকৰ স্বীকাৰোক্তিৰ সহায় লৈ বন বিভাগ কুটুম আটক কৰিবলৈ সক্ষম হয়।

চোৰাং চিকাৰীজনৰ পৰা অধিক তথ্য উলিওৱাৰ চেষ্টাৰে বন বিভাগে তেওঁক জেৰা অব্যাহত ৰাখিছে।

Related News