NORTHEAST NOW (Assamese)

উচ্চ ন্যায়লয়ত অগ্ৰিম জামিন লৈ কাজিৰঙালৈ অহা দুৰ্ধৰ্ষ চোৰাং ব্যৱসায়ী ৰহিমুদ্দিনক পৃথক গোচৰত গ্ৰেপ্তাৰ

August 9, 2021 10:50 am · উত্তম শইকীয়া

কাজিৰঙা ৰষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যা আৰু গঁড়ৰ খৰ্গৰ চোৰাং কাৰবাৰৰ সৈতে জড়িত এজন দুধৰ্ষ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ডি এফ অ’ৰমেশ কুমাৰ গগৈয়ে ৷

কাজিৰঙাৰ গঁড় হত্যা আৰু খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত থকা কে আৰ / ২২/ ২০২০ নম্বৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়লয়ৰ পৰা অগ্ৰিম জামিন লৈ দেওবাৰে কাজিৰঙাৰ ডি এফ অ’ৰ ওচৰত আত্মসৰ্পন কৰিবলৈ আহিছিল ৰহিমুদ্দিন নামৰ চোৰাং ব্যৱসায়ীজন ৷

ৰহিমুদ্দিনৰ ঘৰ নগাওঁ জিলাৰ নীল বাগানত ৷ নিজৰ অধিবক্তাক লৈ ডি এফ অ’ৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ৰহিমুদ্দিনে ৷

উচ্চ ন্যায়লয়ৰ অগ্ৰিম জামিনৰ বাবে উল্লেখিত গোচৰত ৰহিমুদ্দিনে জামিন লোৱাৰ লগে লগেই ৰহিমুদ্দিনক কাজিৰঙাত কৰা গঁড় হত্যা আৰু খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাৰ কে আৰ / ২৩ / ২০২০ নম্বৰৰ অন্য এটা গোচৰত গ্ৰেপ্তাৰ কৰা হয় ৷

উল্লেখ্য যে কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা আৰু গঁড়ৰ খৰ্গৰ একাধিক ঘটনাত জড়িত ধৃত ৰহিমুদ্দিন ৷

ধৃত ৰহিমুদ্দিক সম্প্ৰতি জেৰা কৰিছে বন বিষয়া সকলে ৷ অচিৰেই তেওঁ আদালতত হাজিৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

Related News