NORTHEAST NOW (Assamese)

আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰা গঁড়ৰ ‘চোৰাংচিকাৰী’ক চিৰাঙত গুলীয়াই হত্যা

August 14, 2023 12:51 pm · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

গঁড় চোৰাং চিকাৰৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা এজন লোকক চিৰাঙত অসম আৰক্ষীৰ এটা দলে জিম্মাৰ পৰা “পলায়ন” কৰিবলৈ চেষ্টা কৰাৰ সময়ত গুলীয়াই হত্যা কৰে। বাতৰি অনুসৰি, নৰেশ্বৰ বসুমতাৰী নামৰ সন্দেহযুক্ত চোৰাং চিকাৰীজনে পলায়ন কৰিবলৈ চেষ্টা কৰাৰ পিছতে আৰক্ষীয়ে এইদৰে গুলীয়াই নিহত কৰে।

উল্লেখ্য যে ভাৰত-ভূটান সীমান্তৰ সমীপত গ্ৰেপ্তাৰ হোৱা তিনিজন চোৰাং চিকাৰৰ অভিযুক্তৰ ভিতৰত আছিল বসুমতাৰী।

নৰেশ্বৰ বসুমতাৰীৰ লগতে বীৰন নাৰ্জাৰী আৰু বাহাদুৰ মাগাৰক এক যৌথ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়ক: শিৱসাগৰত মহিলাক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

চিৰাং বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৱে গ্ৰেপ্তাৰ কৰিছিল তেওঁলোকক।

জানিব পৰা গৈছে যে গ্ৰেপ্তাৰৰ পিছত অভিযুক্তসকলে স্বীকাৰোক্তি দিয়ে যে শেহতীয়াকৈ মানাস ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ দুটা ঘটনাত তেওঁলোক জড়িত আছিল।

বিভাগে লগতে তেওঁলোকৰ পৰা বাৰুদসহ এটা হস্তনিৰ্মিত বন্দুক আৰু গঁড়ৰ শৰীৰৰ অংগ জব্দ কৰে।

পিছত তেওঁলোকৰ জিম্মা অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চক অৰ্পণ কৰা হয়।

লগতে পঢ়ক: কাছাৰৰ ঢলাইত মাদ্ৰাছাৰ ভিতৰত ছাত্ৰৰ মূণ্ডছেদ কৰা মৃতদেহ উদ্ধাৰ

জিম্মাত লোৱাৰ পিছত এছটিএফে তেওঁলোকক ভাৰত-ভূটান সীমান্তলৈ লৈ যায় আৰু তেওঁলোকৰ সৈতে জড়িত আন অভিযুক্তৰ সন্ধান চলায়।

বাতৰি অনুসৰি, সেই স্থান পৰিদৰ্শন কৰাৰ সময়তে নৰেশ্বৰে জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল।

অভিযোগ অনুসৰি তেওঁ এই প্ৰচেষ্টাৰ সময়ত তেওঁ আৰক্ষীক আক্ৰমণ কৰিছিল যাৰ বাবে আৰক্ষীয়ে “নিয়ন্ত্ৰিত গুলীচালনাৰ” আশ্ৰয় ল’বলগীয়া হৈছিল।

গুলীত আহত নৰেশ্বৰক চিকিৎসালয়লৈ লৈ যোৱাৰ পথত মৃত্যু হয়।

Related News