NORTHEAST NOW (Assamese)

গ্লেমাৰৰ পৰা হাত সাৰিব নোৱাৰিলে! এইবাৰ অভিনয় জগতত ৰণবীৰ ভগ্নী, ঋষি-নীতুৰ কন্যা?

November 2, 2023 2:15 pm · এন ই নিউজ, গুৱাহাটী

বহু বছৰ অভিনয় জগতৰ পৰা আঁতৰি আছিল। পৰিয়ালৰ প্ৰতিজনেই বলীউডৰ তাৰকা। পিতৃ-খুড়াক-ককাকহঁত হিন্দী ছবিৰ ৰথী-মহাৰথী। তথাপিও  কেতিয়াও কেমেৰাৰ মুখামুখি হোৱা নাছিল ৰিদ্ধিমা কাপুৰ সাহনীয়ে।

নিজৰ অলংকাৰৰ ব্যৱসায়কলৈয়ে তেওঁ সুখী। তেওঁৰ নিজা বিপনীও আছে। আৰু তেওঁ একেবাৰে গৃহস্থী মহিলা। খবৰ ওলাইছে যে তেওঁও অৱশেষত গ্লেমাৰৰ কবলৰ পৰা সাৰি যাব নোৱাৰিলে। অতি সোনকালে তেওঁক বলীউডত দেখা যাব।

ভাতৃ ৰণবীৰৰ সৈতে ৰিদ্ধিমা। ফটোঃ সংগ্ৰহীত।

কোনখন ছবিত অভিনয় কৰিব ঋষি-নীতু কাপুৰৰ কন্যাই? বাতৰি অনুসৰি, ৰিদ্ধিমা আহি আছে ‘দ্য ফেবুলাছ লাইভছ অৱ বলীউড ৱাইভছ’ৰ তৃতীয় ছিজনত। তেওঁৰ লগত থাকিব কল্যাণী সাহা চাওলা আৰু শালিনী পাছি।

ৰিদ্ধিমা, কল্যানী, শালিনী সকলো দিল্লীৰ সুপৰিচিত মুখ। লগতে কোনোবা নহয় কোনোবা প্ৰকাৰে তেওঁলোক বলীউডৰ লগত জড়িত। তিনিওগৰাকীয়েই আকৌ কৰণ জোহৰৰ ভাল বান্ধৱীও।

মাতৃ নীতু কাপুৰৰ সৈতে ৰিদ্ধিমা। ফাইল ফটোঃ সংগ্ৰহীত।

প্ৰথম দুটা ছিজনত উন্মোচিত হৈছিল নীলম কোথাৰী, মহীপ কাপুৰ, ভৱনা পাণ্ডে আৰু সীমা সচদেৱৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱন। তেওঁলোক আছিল ক্ৰমে অভিনেতা সমীৰ ছোনী, সঞ্জয় কাপুৰ, চাংকি পাণ্ডে, আৰু ছোহেইল খান (প্ৰাক্তন)ৰ পত্নী।

মহীপ, ভাবনা, সীমা আৰু নীলমৰ দিল্লীত চাৰিওজনৰ লগ পোৱাৰ পৰাই ছিজন আৰম্ভ হয়। তেওঁলোককলৈয়েই ছিজনটো লাহে লাহে আগবাঢ়িছে।

ৰিদ্ধিমা কাপুৰ সাহনী। ফটোঃ সংগৃহীত।

জানিব পৰা মতে, ৰিদ্ধিমাৰ লগতে তৃতীয় ছিজনত নীতু কাপুৰেও বিশেষ ভূমিকাত থাকিব।

Related News