NORTHEAST NOW (Assamese)
Popular Stories

কৰ্মচাৰীক মানসিক চাপৰ পৰা সুৰক্ষা দিবলৈ বিধেয়ক উত্থাপন এনচিপি সাংসদৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 6, 2025 4:11 pm

কৰ্ম ব্যস্ততাৰ মাজতে মানুহে যেতিয়া ছুটি লৈ কোনো ঠাইত ফুৰিবলৈ যায় বা পৰিয়ালৰ সৈতে কিছু সুখৰ সময় কটাব বিচাৰে, তেনে সময়তো বহু কৰ্মচাৰীলৈ কাৰ্যালয়ৰ পৰা ফোন আহে বা জৰুৰী কাম কৰিবলৈ ই-মেইল পঠিওৱা হয়। কৰ্মচাৰী সকলে প্ৰায়ে এনে পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে। এইধৰণৰ মানসিক চাপ আৰু কৰ্মচাপৰ পৰা কৰ্মচাৰীসকলক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে এজন বিৰোধী সাংসদে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

শুকুৰবাৰে লোকসভাত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টী (এন চিপি)ৰ সাংসদ সুপ্ৰিয়া সুলেই ‘ৰাইট টু ডিচকানেক্ট বিল, ২০২৫’ শীৰ্ষক এক নতুন বিধেয়ক উত্থাপন কৰে। ইয়াৰ লক্ষ্য হৈছে এনে এটা কৰ্মচাৰীৰ কল্যাণ কৰ্তৃপক্ষ গঠন কৰা যিয়ে শ্ৰমিকসকলক কাৰ্যালয়ৰ সময়ৰ পিছত আৰু বন্ধৰ দিনত কৰ্ম সম্পৰ্কীয় ফোন আৰু ইমেইলৰ প্ৰতি সঁহাৰি নিদিয়াৰ আইনী অধিকাৰ প্ৰদান কৰা।

ইফালে কংগ্ৰেছৰ সাংসদ মাণিকম টেগ‘ৰে স্নাতক চিকিৎসাৰ নামভৰ্তিৰ বাবে তামিলনাডুক NEET পৰীক্ষাৰ পৰা ৰেহাই দিয়াৰ বাবে বিধেয়ক উত্থাপন কৰে। তেওঁ আন দুখন বিধেয়কৰো প্ৰস্তাৱ আগবঢ়ায়। এখন তামিলনাডুৰ বিৰুধুনগৰত প্ৰশিক্ষণ কেন্দ্ৰৰ দৰে উন্নত ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰ বাবে আৰু বিৰুধুনগৰৰ ফটকাবাজী কাৰখানাৰ সুৰক্ষা আৰু পৰিচালনাৰ উন্নতিৰ বাবে বিশেষ অৰ্থনৈতিক মণ্ডল সম্পৰ্কীয় আইন সংশোধনৰ বাবে বিধেয়ক উত্থাপন কৰে।

ইফালে ডিএমকেৰ কানিমোঝী কৰুণানিধিয়ে মৃত্যুদণ্ড বিলুপ্ত কৰাৰ বাবে বিধেয়ক উত্থাপন কৰে। বেছিভাগ ব্যক্তিগত সদস্যৰ বিল সাধাৰণতে চৰকাৰী মতামতৰ পিছত প্ৰত্যাহাৰ কৰা হয়, কিছুমান বিশেষ ক্ষেত্ৰৰ বাহিৰে।