NORTHEAST NOW (Assamese)

আজি মহালয়াৰ নিশাই হ’ব সূৰ্যগ্ৰহণ! আকাশৰ সিপাৰে দেখা যাব ‘জুইৰ আঙুঠি’ 

October 14, 2023 2:39 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 14, 2023 5:06 pm

আজি মহালয়াৰ নিশাই হ‘ব এটা সূৰ্যগ্ৰহণ। বছৰটোৰ  দ্বিতীয়টো সূৰ্যগ্ৰহণ দেখা যাব আজিৰ আকাশত। 

ভাৰতীয় সময় (IST) অনুসৰি ১৪ অক্টোবৰৰ নিশা ৮:৩৪ বজাৰ পৰা এই গ্ৰহণ আৰম্ভ হ’ব আৰু ১৫ অক্টোবৰ, দেওবাৰে নিশা ২:২৫ বজাত এই সূৰ্যগ্ৰহণ শেষ হ’ব। 

কিন্তু ভাৰতত দেখা নাযাব এই সূৰ্য গ্ৰহণ। পৃথিৱীৰ এটা নিৰ্দিষ্ট মহাদেশীয় অঞ্চলৰ পৰা এই গ্ৰহণ দৃশ্যমান হ’ব এটা জুইৰ আঙুঠিৰ দৰে।

মহাকাশ সংবাদ সংস্থা space.com ৰ তথ্য অনুসৰি ভাৰতীয় সময় অনুসৰি পুৱা ১:০৬ বজাৰ পৰা ২:২৩ বজাৰ ভিতৰত এই ‘ৰিং অৱ ফায়াৰ’ বা ‘জুইৰ আঙুঠি’ আটাইতকৈ উজ্জ্বল আৰু স্পষ্টকৈ দেখা যাব।

উল্লেখ্য যে, এই বছৰ মুঠ ৪ টা গ্ৰহণ হৈছে। ইতিমধ্যে দুটা সূৰ্যগ্ৰহণ আৰু এটা চন্দ্ৰগ্ৰহণ সংঘটিত হৈছে। শনিবাৰে বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ হ’ব, যিটো আনুষংগিক সূৰ্যগ্ৰহণ হ’বলৈ গৈ আছে।

এই সূৰ্যগ্ৰহণৰ আন এটা নাম হ’ল কংকনাক্ৰতি গ্ৰহণ। অৰ্থাৎ ছোৱালীৰ খাৰুৰ দৰে সূৰ্য্যটো দেখা যাব। আচলতে এই গ্ৰহণৰ সময়ত চন্দ্ৰ পৃথিৱী আৰু সূৰ্য্যৰ মাজলৈ আহিব। ব্যাসৰ পাৰ্থক্যৰ বাবে চন্দ্ৰই সমগ্ৰ সূৰ্য্যক আবৰি ৰাখিব নোৱাৰে। ফলত পৃথিৱীৰ পৰা সূৰ্য্যটো এপাত খাৰুৰ দৰে দেখা পোৱা যাব। 

কিন্তু ভাৰতত নিশা হ’লেহে এই সূৰ্যগ্ৰহণ  হ’ব। গতিকে ভাৰতৰ পৰা নিশাৰ আকাশত এই সূৰ্যগ্ৰহণ দেখা নাযাব। সূৰ্যগ্ৰহণৰ প্ৰথম পৰ্যায়ত উত্তৰ কেলিফৰ্ণিয়া, উত্তৰ নেভাদা, মধ্য ইউটা, উত্তৰ এৰিজোনা, দক্ষিণ-পশ্চিম ক’লৰাডো, মধ্য নিউ মেক্সিকো আৰু দক্ষিণ টেক্সাছৰ পৰা দৃশ্যমান হ’ব ‘ৰিং অৱ ফায়াৰ’। পিছলৈ দক্ষিণ আমেৰিকাৰ মেক্সিকো উপসাগৰ, মেক্সিকো, ডমিনিকা, বাহামা, কিউবা, পেৰু, গুৱেটামালা, বেলিজ, কোষ্টা ৰিকা, পানামা, কলম্বিয়া, উৰুগুৱে, ব্ৰাজিল আৰু আৰ্জেণ্টিনাৰ পৰা এই ‘ৰিং অৱ ফায়াৰ’ দেখা যাব।

Related News