NORTHEAST NOW (Assamese)

মাৰাডোনা হৈ পৰিল মেডোনা! টুইটাৰত RIP Madonna ট্রেন্ডিং দেখি হতভম্ব পপষ্টাৰগৰাকী

November 27, 2020 12:17 pm · এন ই নাও নিউজ
পপষ্টাৰ মেডোনা।

বিশ্ব ফুটবলক শোকস্তব্ধ কৰি মাত্ৰ ৬০বছৰ বয়সতে জীৱন পৰিক্ৰমা সামৰিলে ফুটবলৰ ৰাজপুত্ৰ ডিয়েগ’ মাৰাডোনাই। ক্ৰীড়াপ্ৰেমীৰ মাজতেই নহয়, সাধাৰণ জনতাৰো মন জয় কৰি অহা মাৰাডোনাৰ অকাল বিয়োগে এক গভীৰ শূন্যতাৰ সৃষ্টি কৰে।

স্বাভাৱিকতে বিশ্বৰ সকলো শ্ৰেণীৰ লোকে মহাতাৰকাগৰাকীৰ প্ৰস্থানত শোক প্ৰকাশ কৰি বাৰ্তা দিছে।

ইয়াৰ মাজতে  আন এক ঘটনাই ছচিয়েল মিডিয়াত উত্তাপ সৃষ্টি কৰে। মাৰাডোনাৰ মৃত্যুৰ পাছতেই ছচিয়েল মিডিয়াত দেখা যায় Rip Madonna! যিটোৱে মুহূৰ্ততে এক বিভ্ৰান্তি বিয়পায়।

অৱশ্যে, ইয়াৰ বাবে নেটিজেনসকলৰ জ্ঞান-বুদ্ধিয়েই জগৰীয়া। কিয়নো পপষ্টাৰ গৰাকী দস্তুৰমত সোঁশৰীৰে সুস্থ হৈয়েই আছে।

দৰাচলতে মাৰাডোনাৰ মৃত্যুৰ পাছত ছচিয়েল মিডিয়াত খৱৰটো ধুমুহাৰ গতিৰে বিয়পি পৰে। কিন্তু ইয়াৰ মাজতে একাংশ লোকে ভাৱিলে যে ৬২বছৰীয়া পপষ্টাৰ মেডোনাৰ মৃত্যু হৈছে। সেয়েহে, টুইটাৰত মেডোনালৈ শ্ৰদ্ধাঞ্জলিৰে ভৰি পৰে।

https://twitter.com/SugarDaada/status/1331638865015160832

কিছু সময়ৰ পাছতেই টুইটাৰত ট্ৰেণ্ড কৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়াই বহুতেই ভুলটো বুজিব পাৰে। তাৰপাছত বিষয়টোক লৈ কৌতুকৰ সৃষ্টি হয়। সংবাদ মাধ্যমতো প্ৰকাশ পায় যে বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী পপষ্টাৰগৰাকী এতিয়াও জীৱিত।

উল্লেখ্য যে কৰ’নাৰ সংকটৰ মাজতে যোৱা মে’ মাহত মেডোনাই তেওঁৰ শৰীৰত কৰ’না ভাইৰাছৰ এন্টিবডী আছে বুলি এক আজৱ দাবী কৰি বাতৰিৰ শিৰোণাম দখল কৰিছিল। বিষয়টোৱে বিতৰ্কৰ সৃষ্টি কৰিছিল।

অলপতে মেডোনাই ঘোষণা কৰিছিল যে তেওঁ নিজৰ বায়’পিক নিজেই নিৰ্মাণ কৰিব। তদুপৰি, ৬২বছৰীয়া মেডোনাৰ ২৫বছৰীয়া যুৱক উইলিয়ামছৰ সৈতে প্ৰেমকলৈয়ো সৰস চৰ্চা চলিছিল।

Related News