NORTHEAST NOW (Assamese)
অসম

অসম তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্ত ৰিপুন বৰা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 23, 2022 6:09 pm
Ripun Bora appointed Assam Trinamool Congress president

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাক আজি তৃণমূল কংগ্ৰেছৰ অসম গোটৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখ্য যে যোৱা ১৭ এপ্ৰিলত ৰিপুন বৰাই কংগ্ৰেছত আভ্যন্তৰীণ সংঘাতৰ অভিযোগ কৰি কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল।

কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ সময়ত এখন পত্ৰত ৰিপুন বৰাই কয়, “দেশৰ এই সংকটজনক সময়ত বিজেপিক প্ৰতিহত কৰিবলৈ আক্ৰমণাত্মক আৰু ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ পৰিৱৰ্তে বিভিন্ন পৰ্যায়ৰ কংগ্ৰেছ দলৰ নেতাসকলে তেওঁলোকৰ নিহিত স্বাৰ্থৰ বাবে ইজনে সিজনৰ বিৰুদ্ধে যুঁজ দি আছে।”

তেওঁ লগতে অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ এটা অংশই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি চৰকাৰৰ সৈতে গোপন বুজাবুজি বজাই ৰাখিছে বুলি বিস্ফোৰক অভিযোগ কৰিছিল।

তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জী স্বাক্ষৰিত এখন পত্ৰযোগে আজি ৰিপুন বৰাক অসম তৃণমূলৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয়।

পত্ৰখনত উল্লেখ কৰা হৈছে যে দলৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সৈতে একেলগে আগবাঢ়ি অসম আৰু অসমবাসীৰ উন্নতিৰ বাবে বিশাল পৰিৱৰ্তনৰ কল্পনা কৰিছে।

অধ্যক্ষ মমতা বেনাৰ্জীয়ে ৰিপুন বৰাক তাৎক্ষণিক ভাৱে তৃণমূল কংগ্ৰেছৰ অসম গোটৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দি আনন্দিত হৈছে বুলি পত্ৰখনত লগতে উল্লেখ কৰা হৈছে।