NORTHEAST NOW (Assamese)
অসম

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 25, 2021 1:11 pm
a cong

অমিত শ্বাহৰ বক্তব্যক লৈ ৰিপুন বৰাই আজি  ৰাজীৱ ভৱনত  অনুষ্ঠিত কৰে এখন সংবাদমেল।  সংবাদমেলত বৰাই কয় যে ৩৫১ টকা হাজিৰা বিজেপিয়ে আজিলৈকে চাহ শ্ৰমিকক নিদিলে ।  অথচ বিজেপিয়ে সেই হাজিৰা ৬ মাহৰ ভিতৰত দিম বুলি কৈছিল। বান সমস্যাও বিজেপিয়ে সমাধান কৰিব পৰা নাই বুলি কংগ্ৰেছ সভাপতিগৰাকীয়ে  মন্তব্য কৰে।

NRC ত ৪০ লাখ বিদেশীৰ নাম কৰ্তন হওঁতে অমিত শ্বাহে এজন এজনকৈ বিদেশী খেদিম বুলি  কৈছিল। ১৯ লাখ মানুহৰ নাম বাদ পৰাৰ পাছত বিদেশী বহিস্কাৰৰ বাবে শ্বাহে একো পদক্ষেপ নল’লে বুলি বৰাই ক্ষোভেৰে ব্যক্ত কৰে।

২০১৪-১৭ লৈকে সমগ্ৰ ভাৰতত ১৮২২ গৰাকী বিদেশী বহিস্কাৰ হৈছে। UPA চৰকাৰৰ দিনত প্ৰায় ৮২ হাজাৰ বিদেশী বহিস্কাৰ হৈছিল।

বিজেপিৰ চৰকাৰক তেওঁ  ধাপ্পাবাজী চৰকাৰ বুলি অভিহিত কৰে।

২০১৩ ত ৫২৩৪ জন বিদেশী অসমৰ পৰা বহিস্কাৰ  কৰা হৈছিল। সোণোৱাল চৰকাৰে ২০১৭ চনত মাত্ৰ ৫১ জন বিদেশী বহিস্কাৰ কৰিছিল বুলি বৰাই তাৎপৰ্যপূণ মন্তব্য কৰে।

বিদেশী সমস্যা বিজেপিয়ে সমাধান কৰিলে নে? NRC ইমপ্লিমেণ্ট কৰিলে নে? তাৰ বিপৰীতে কা বলৱৎ কৰি ৬ খন দেশৰ পৰা ৬ টা বিশেষ ধর্মৰ বিদেশীক ভাৰতত নাগৰিকত্ব দিলে বুলিও বৰাই কটাক্ষ কৰে।।

কংগ্ৰেছক সাম্প্ৰদায়িক  বুলি কোৱা অমিত শ্বাহক প্ৰত্যুত্তৰ দি  ৰিপুন বৰাই কয় যে AIUDFক  সাম্প্ৰদায়িক বুলি নিৰ্বাচন আয়োগে কোৱা নাই।

কিন্তু  বিজেপিয়েহে আফজল গুৰুক সমৰ্থন কৰা PDP ৰ দৰে ভাৰত বিৰোধী শক্তিৰে কাশ্মীৰত মিত্ৰতা কৰিছে। এতিয়া কোন বেছি সাম্প্ৰদায়িক? বিজেপি নে কংগ্ৰেছ? বুলি তেওঁ প্ৰশ্ন কৰে।

যিমানেই মিছা কথা কৈ সত্য ঢাকিবলৈ চেষ্টা কৰিলেও বিজেপি অসমত সফল নহয় বুলিও সংবাদমেলত ৰিপুন বৰাই মন্তব্য কৰে।