NORTHEAST NOW (Assamese)
অসম

মূল্যবৃদ্ধিৰ প্ৰসঙ্গত মুখ্যমন্ত্ৰীক মুকলি বিতৰ্কলৈ প্ৰত্যাহ্বান ৰিপুণ বৰাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 16, 2021 6:57 pm
Ripun Bora invites Himanta Biswa Sarma to perticipate open debate on price rise

ৰাজ্যত অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰসঙ্গত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান জনাইছে ৰাজ্যসভাৰ সাংসদ তথা কংগ্ৰেছৰ জেষ্ঠ নেতা ৰিপুণ বৰাই।

“কাৰ দিনত কিমান বৃদ্ধি হ’ল খাদ্য সামগ্ৰী মূল্য?খাদ্য সামগ্ৰীৰ মূল্যকলৈ হওক অ’পেন ডিবেট৷ অ’পেন ডিবেটত ভাগ লওক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেতিয়া স্পষ্ট হ’ব সামগ্ৰীৰ মূল্য নিযন্ত্ৰণত ব্যৰ্থ কোন!”- আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ এই মন্তব্য কৰে ৰিপুণ বৰাই।

শনিবাৰে সংবাদমেল সম্বোধন কৰি ৰিপুণ বৰাই তীব্ৰ সমালোচনা কৰে চৰকাৰক। ৰিপুণ বৰাই কয় যে, “সমালোচনা কৰিব লাগে কাৰণেই সমালোচনা কৰা বিজেপিৰ একাংশই এতিয়াও কংগ্ৰেছৰ দিনত অধিক মূল্যবৃদ্ধি হৈছিল বুলি অভিহিত কৰিব বিচাৰে৷ সেইসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো।”

উল্লেখ্য যে, অভাৱনীয় মূল্যবৃদ্ধিয়ে সমাজত মধ্যবিত্ত, নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ অৱস্থা এতিয়া পানীত হাঁহ নচৰাৰ দৰে সৃষ্টি কৰিছে।

সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে প্ৰতিটো পৰিয়াল৷ শনিবাৰে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত বহে কৃষক মুক্তি সংগ্ৰাম সমিতিও। নগাঁৱৰ কৃষ্ণাইখাটত অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংগঠনটোয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ৷

কিন্তু প্ৰতিবাদক কেৰেপেই নকৰে ৰাজ্যৰ যোগানমন্ত্ৰী ৰঞ্জিত দাসে। মন্ত্ৰীগৰাকীৰ মতে, চাহিদা আৰু যোগান ভাৰসাম্যৰ হৈছে মূল্যবৃদ্ধি। উৎপাদন বৃদ্ধি হ’লেহে হ্ৰাস পাব মূল্য৷