NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰীয়ে নহয়; ৰেডিচন ব্লুৰ GST ৰ ধন দিবলৈ প্ৰস্তুত তৃণমূলৰ সভাপতি ৰিপুন বৰা

June 25, 2022 7:53 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

“মুখ্যমন্ত্ৰীয়ে লাগে যদি কৈ দিয়ক আমি সেই টকা দিম, যি টকা ৪০-৪৫ জন বিধায়কক হোটেল ৰেডিচন ব্লুৰ পৰা GST বা Sales tax ৰ নামত পাইছে। কোটিৰ ঘৰতো নহয় ৯ শতাংশ হিচাপত ৩-৪ লাখ টকা পাব gst।সেইখিনি যদি প্ৰয়োজন হয় ক’ব তৃণমূলেই বহন কৰিম।” মহানগৰীৰ জয়ানগৰস্থিত তৃণমূলৰ কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে সভাপতি ৰিপুন বৰাই।

অসমখনক বিধায়কৰ কিনা- বেচা কৰা ৰাজনীতিৰস্থলীলৈ পৰিণত কৰিব নালাগে বুলিও মন্তব্য কৰে ৰিপুন বৰাই।

ৰিপুন বৰাৰ মতে “মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গণতন্ত্ৰৰ সৈতে খেলা কৰিছে। মহাৰাষ্ট্ৰৰ জনতাৰ মৌলিক অধিকাৰো খৰ্ব কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে।

মহাৰাষ্ট্ৰৰ ৰাজনীতি অসমৰ এখন হোটেলৰ পৰা নিয়ন্ত্ৰণ কৰি দেশৰ ভিতৰতে অসমৰ ৰাজনৈতিক পৰিৱেশ দূষিত কৰিছে বুলিও দাবী কৰে ৰিপুন বৰাই।

Related News