NORTHEAST NOW (Assamese)
অসম

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 25, 2022 8:04 pm
Agnipath

কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা বিভাগত নিযুক্তিৰ বাবে গ্ৰহণ কৰা অগ্নিপথ আঁচনিৰ বিৰুদ্ধে সমগ্ৰ দেশতে অব্যাহত আছে আন্দোলন। অগ্নিপথ আঁচনি বাতিলৰ দাবী কৰি দেশৰ যুৱ প্ৰজন্মই গঢ়ি তুলিছে তীব্ৰ আন্দোলনৰ। কিন্তু এই প্ৰতিবাদক আওকাণ কৰি চৰকাৰে কোনোপধ্যেই অগ্নিপথ বাতিল নকৰে বুলি ঘোষণা কৰিছে।

অগ্নিপথ কি, অগ্নিপথৰ বিৰুদ্ধে হোৱা এই প্ৰতিবাদৰ আঁৰৰ কাৰণ কি ইত্যাদি সম্পৰ্কে আলোচনাৰ বাবে নৰ্থ ইষ্ট নাওত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। নৰ্থ ইষ্ট নাওৰ এডিটৰ ইন চিফ পৰেশ মালাকাৰে আঁত ধৰা এই আলোচনাটোৰ সমল ব্যক্তি হিচাপে উপস্থিত আছিল অসমৰ দুই প্ৰাক্তন সেনা বিষয়া বিগ্ৰেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ আৰু কৰ্ণেল পংকজ ৰাজখোৱা।

দুয়োগৰাকী আলোচকে কেন্দ্ৰীয় চৰকাৰৰ এই অগ্নিপথ আঁচনিৰ বিষয়ে অনুষ্ঠানটোত বিশদভাৱে আলোচনা কৰি অনুষ্ঠানটোক মনোগ্ৰাহী কৰি তোলে।

নৰ্থ ইষ্ট নাওৰ এই কথন অনুষ্ঠানৰ সম্পূৰ্ণ আলোচনা আপোনালোকে তলৰ ইউটিউব লিংকত গৈ চাব পাৰিব: