NORTHEAST NOW (Assamese)

বিজেপি সাম্প্ৰদায়িক, এ আই য়ু ডি এফ সাম্প্ৰদায়িক নহয় : ৰিপুন বৰা

August 25, 2020 7:46 pm · এন ই নাও নিউজ
ৰিপুন বৰা

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই মঙলবাৰে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি বিজেপিক সম্প্ৰদায়িক দল বুলি কয়।

হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ৰিপুন বৰাই কয় যে তেওঁ ২০২১ নিৰ্বাচনত বিজেপিয়ে ১০০ খন আসন পাব বুলি কলেই বিজেপিয়ে ১০০ খন আসন নাপায় ৰাইজে দিব লাগিব বুলি কয়।

আনহাতে, কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মিত্ৰতা সম্বন্ধে মত ব্যক্ত কৰি বৰাই বৰ্তমানলৈ আনুষ্ঠানিকভাৱে কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ মাজত মিত্ৰতা হোৱা নাই বুলি মত প্ৰকাশ কৰে।

”এ আই য়ু ডি এফে কেতিয়াও হিন্দুৰ বিৰুদ্ধে কথা কোৱা নায়। বিজেপিয়ে মছজিদ ভাঙিছে, খ্ৰীষ্টানৰ গীৰ্জা ভাঙিছে গতিকে বিজেপি সাম্প্ৰদায়িক এ আই য়ু ডি এফ সাম্প্ৰদায়িক নহয়,” সংবাদ মাধ্যমৰ আগত ৰিপুন বৰাই এইদৰে কয়।

উল্লেখযোগ্য যে, আজি কণ্ঠশিল্পী বাবু, নেকিবকে ধৰি ভালেকেইগৰাকী শিল্পীয়ে কংগ্ৰেছত যোগদান কৰে।

এই যোগদান কাৰ্য্যসূচীত উপস্থিত থাকিয়ে ৰিপুন বৰাই এইদৰে কয়।

Related News