NORTHEAST NOW (Assamese)

দ্ৰুত সুস্থ হৈ উঠিছে ঋষভ পন্ত; দুৰ্ঘটনাৰ পিছত প্ৰথমবাৰলৈ জিমত গৈ শৰীৰচৰ্চা উইকেটকীপাৰৰ!

May 5, 2023 12:45 pm · এন ই নাও নিউজ, নতুন দিল্লী

গাড়ী দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকাৰ পিছত প্ৰথমবাৰৰ বাবে জিমলৈ গৈছে ঋষভ পন্ত। উইকেটকীপাৰ বেটাৰগৰাকীয়ে বৃহস্পতিবাৰে নিজৰ ইনষ্টাগ্ৰামত তাৰ ফটো পোষ্ট কৰে। বৰ্তমান আই পি এলৰ উপৰিও অনাগত দিনত কেইবাখনো গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাৰ পৰা বাদ দিয়া হৈছে পন্তক। কিন্তু তেওঁ আই পি এলৰ আৰম্ভণিতে দিল্লী কেপিটেলছৰ কেইবাখনো মেচ চাবলৈ আহিছিল। পন্তে নিজৰ সতীৰ্থসকলকো লগ পাইছে।

এমাহ আগলৈকে শুনা গৈছিল যে পন্ত ঘূৰি আহিবলৈ বহু সময় লাগিব। কিন্তু অতি সোনকালে সুস্থ হৈ উঠিছে ভাৰতীয় তাৰকা উইকেটকীপাৰ-বেটছমেনগৰাকী। অহা চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ ফিট হ’ব বুলি নিজেই আশা প্ৰকাশ কৰিছে ঋষভে। বিশ্বকাপৰ পূৰ্বে তেওঁ সম্পূৰ্ণ ফিট হ’ব পাৰে বুলিও ঘনিষ্ঠ মহলক জনাইছে।

সুস্থ হৈ উঠাৰ পিছতে ভাৰতীয় উইকেটকীপাৰগৰাকীয়ে শৰীৰচৰ্চাত মন দিছে। বৃহস্পতিবাৰে তেওঁ ইনষ্টাগ্ৰামত জিমৰ এখন ছবি পোষ্ট কৰে। অৱশ্যে ঋষভে কেনেধৰণৰ অভ্যাস কৰি আছে সেয়া জানিব পৰা হোৱা নাই।

জিমত ঋষভ পন্ত।

পন্তে জিমৰ দেৱালখনৰ ফটো এখন তুলিলে। তাত লিখা আছে, ক্ৰীড়াই প্ৰকৃততে চৰিত্ৰ গঠন নকৰে, ই চৰিত্ৰৰ বিকাশ ঘটায়। এই পোষ্টটোৰ পৰা অনুমান কৰিব পাৰি যে পন্তে সোনকালেই খেলপথাৰলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিছে।

অহা জুন মাহত ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত খেলিব। কিন্তু পন্ত ইতিমধ্যে তাৰ পৰা আঁতৰি গৈছে। আই পি এলৰ সময়ত আঘাতৰ বাবে সেই মেচত অনিশ্চিত হৈ পৰিছে কে এল ৰাহুল। চলিত বৰ্ষৰ শেষত দেশৰ মাটিত হ’ব এদিনীয়া বিশ্বকাপ। কোৱা নিস্প্ৰয়োজন যে তাত ঋষভে খেলিব পাৰিলে ভাৰত নিশ্চিতভাৱে শক্তিশালী হ’ব!

Related News