NORTHEAST NOW (Assamese)
Popular Stories

ইণ্ডিয়ান আইডল-১৩ৰ বিজয়ী ঋষি সিং; প্ৰথম ৰাণাৰ্ছ আপ দেৱাস্মিতা ৰয়, দ্বিতীয় চিৰাগ কোটৱাল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 3, 2023 8:37 am
ইণ্ডিয়ান আইডল-১৩ৰ বিজয়ী ঋষি সিং; প্ৰথম ৰাণাৰ্ছ আপ দেৱাস্মিতা ৰয়, দ্বিতীয় চিৰাগ কোটৱাল

অৱশেষত অপেক্ষাৰ অন্ত পৰিল। ইণ্ডিয়ান আইডল-১৩ৰ বিজয়ী ঘোষিত হ’ল ঋষি সিং। দেওবাৰে মিউজিক ৰিয়েলিটি শ্ব’ৰ গ্ৰেণ্ড ফিনালেত বিজয়ী হিচাপে ঘোষণা কৰা হয় ঋষিক।

বিগত ছমাহতকৈও অধিক সময় ধৰি চলি থকা সাংগীতিক প্ৰতিযোগিতাখনৰ চূড়ান্ত  বিজয়ীৰ খিতাপৰ দৌৰত ঋষিয়ে শক্তিশালী প্ৰতিদ্বন্দ্বী দেবাস্মিতা ৰয়ক পৰাস্ত কৰে।

দেৱস্মিতাই প্ৰথম ৰানাৰ্ছ আপ হৈয়েই সন্তুষ্ট হ’ব লগা হয়। দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে চিৰাগ কোটৱালে।

বংগ কন্যা দেৱস্মিতাক পৰাস্ত কৰি এই গায়ক ৰিয়েলিটি শ্ব’ৰ খিতাপ লাভ কৰা ঋষি উত্তৰ প্ৰদেশৰ অযোধ্যাৰ বাসিন্দা।

চূড়ান্ত বিজয়ীৰ খিতাপৰ লগতে ঋষিয়ে লাভ কৰিছে এখন গাড়ী আৰু পুৰস্কাৰ হিচাপে নগদ ২৫ লাখ টকা।

ইণ্ডিয়ান আইডল-১৩ৰ বিচাৰক আছিল হিমেশ ৰেশমীয়া, বিশাল দাদলানী আৰু নেহা কক্কাৰ। শ্ব’টো পৰিচালনা কৰিছিল আদিত্য নাৰায়ণে।