NORTHEAST NOW (Assamese)
অসম

কেলেংকাৰীৰ নিৰপেক্ষ তদন্ত হওক, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক: ৰাইজৰ দল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 3, 2023 7:32 am

এটা আগশাৰীৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংবাদ মাধ্যমত প্ৰকাশিত হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ পৰিয়াল আৰু ব্যৱসায়িক বন্ধুৰ কেলেংকাৰীৰ বাতৰিৰ আধাৰত দেওবাৰে ৰাইজৰ দলৰ মঠঘৰীয়াস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলে।

ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে এটি বিশেষ কেলেংকাৰীৰ বিৱৰণ দি কয় যে ২০২১ চনৰ ৪ নৱেম্বৰত গুৱাহাটীৰ দিছপুৰ চুপাৰ মাৰ্কেটৰ ফ্লাই অভাৰ উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

ফ্লাই অভাৰখনৰ উদ্বোধনী অনুষ্ঠান জাকজমকতাৰে নবেম্বৰতে আয়োজন কৰি ৫ মাহ পাছত অৰ্থাৎ ৯ মাৰ্চত, ২০২২ ত নিবিদাৰ জাননী প্ৰকাশ পোৱাত আশ্চৰ্য্য প্ৰকাশ কৰে হুছেইনে।

লগতে পঢ়ক: উদ্বোধনী অনুষ্ঠানৰ নিবিদা আহ্বানৰ পূৰ্বেই উদ্বোধন হৈছিল দিছপুৰ উৰণীয়া সেতু! প্ৰতিবেদনত পোহৰলৈ আন এক চাঞ্চল্য

পাছত সম্পূৰ্ণ আইন বৰ্হিভূতভাৱে কেৱল ডকুমেন্টশ্বনৰ বাবে হৈ যোৱা এটা কামৰ বাবে ৱ্ৰক অৰ্ডাৰ দিয়া হয় ‘ড্ৰিম এমেজ’ নামৰ প্ৰতিষ্ঠানটোক। উল্লেখযোগ্য যে ড্ৰিম এমেজৰ স্বত্বাধিকাৰী মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন  প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালক ভাস্কৰ শৰ্মা যিজন ভাস্কৰ শৰ্মা তিনিচুকীয়াৰ মাকুমত থকা চান্দমাৰী টি ইষ্টেটৰো সঞ্চালক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লোকনিৰ্মাণ বিভাগৰো মন্ত্ৰী হোৱা হেতুকে এই কাণ্ডত হিমন্ত বিশ্ব শৰ্মা পোনপটীয়াকৈ জগৰীয়া বুলি উল্লেখ কৰে ৰাছেল হুছেইনে। তেওঁ ড্ৰিম এমেজৰ নামত লোক নিৰ্মাণ বিভাগৰ আৰু কিমান ঠিকাৰ এনেদৰে আবন্টন দিয়া বুলিও প্ৰশ্ন কৰে।

ৰাছেল হুছেইনে সমস্ত নেক্সাছ উদঙাই দি কয়, তিনিচুকীয়াৰ চান্দমাৰী চাহ বাগিচাৰ বিনিয়োগকাৰী ডি এছ গ্ৰহ নিৰ্মাণ নামৰ কোম্পানীৰো সঞ্চালক ভাস্কৰ শৰ্মা।  মুখ্যমন্ত্ৰীৰ মাতৃ ডি এছ গ্ৰহ নিৰ্মাণৰ পূৰ্বৰ সঞ্চালক হোৱাৰ বিপৰীতে আকৌ বৰ্তমান ডি এছ গ্ৰহ নিৰ্মাণত আছে মুখ্যমন্ত্ৰীৰ শাহুৰ ২৮ লাখ টকাৰ শ্বেয়াৰ।

লগতে পঢ়ক:খালীস্তানী গোটৰ ভাবুকি: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা বৃদ্ধি

 উল্লেখযোগ্য যে ডি এছ গ্ৰহৰ কলকাতাৰ বৌ বাজাৰৰ ঠিকনাৰ পৰা কোম্পানীৰ কাম কাজ চলাৰ কোনো প্ৰমাণ নাই।এই সন্দেহজনক  ডি এছ গ্ৰহ নিৰ্মাণতো আছে কলকাতাৰ ৫১ টা সন্দেহজনক কোম্পানীৰ ৫ কোটি ১৮ লাখ টকাৰ বিনিয়োগ। একেবোৰ কোম্পানীয়ে ভূমি কেলেংকাৰী সংঘটিত কৰা আৰ বি এছ আৰু এসময়ত মুখ্যমন্ত্ৰীৰ পিতৃ আৰু পত্নী সঞ্চালক হিচাপে থকা আৰু বৰ্তমান মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী অশোক ধানুকা সঞ্চালক হিচাপে থকা পদ্মাৱতী ট্ৰেডাৰছতো কোটি কোটি টকাৰ ধন বিনিয়োগ কৰিছিল।

এই জালখন ফাদিল হোৱাত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে প্ৰাচীন কালৰ চাণক্যৰ বংশবৃক্ষ বিচাৰিব লগীয়া হৈছিল শিলালিপিত, কিন্তু এই আধুনিক যুগৰ চাণক্যৰ বংশবৃক্ষ বিচাৰিব লগীয়া হৈছে কৰ্পৰেট এফেয়াৰ্ছৰ ৱেবছাইটত।

লগতে পঢ়ক:শিক্ষাৰ্থীক ‘প্ৰেম-ৰোমাঞ্চ’ কৰাৰ বাবে এসপ্তাহৰ ছুটী চীনৰ কলেজৰ! হঠাৎ কিয় এই সিদ্ধান্ত?

ৰাইজৰ দলে এই নিবিদা  কেলেংকাৰীৰ উচিত তদন্তৰ দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে। লগতে ED ৰ জৰিয়তে বিভিন্ন অস্তিত্বহীন কোম্পানীৰ বিনিয়োগৰ বিষয়টোৰ তদন্তৰ দাবী জনায়।