NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ

October 24, 2025 1:15 pm · এন ই নাও নিউজ, গুৱাহাটী

মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ। সামাজিক মাধ্যম ফেচবুকযোগে এই চিঠি লিখিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে।

চৌধুৰীয়ে লিখিছে…

‘মাননীয় মুখ্যমন্ত্ৰী মহোদয়,

কেতিয়াবা আপোনাক পৰিবেষ্টিত কৰি ৰখা আপোনাৰ শুভাকাংক্ষীসকলে, সাধাৰণতে যিসকলৰ বেছিভাগেই তোষামোদকাৰী, তেওঁলোকে পৰিস্থিতিৰ যথাযথ ছবিখন অনুধাৱন কৰিব নোৱাৰি, প্ৰকৃত ছবিখন তুলি ধৰিব নোৱাৰিবও পাৰে৷ সিদ্ধান্তবোৰ লওঁতে সেয়েহে ভুল হোৱাৰ সম্ভাৱনা থাকে৷

জুবিনক ভাল পোৱা সকলোৱে ’জুবিন ক্ষেত্ৰ’লৈ দিনত আহিবলৈ সময় নাপাবও পাৰে৷ দিন হাজিৰা কৰাৰ পৰা জীৱিকাৰ বিভিন্ন ক্ষেত্ৰত ব্যস্ত থাকে মানুহবোৰ৷ সেয়েহে টোপনি আৰু জিৰণি বিসৰ্জন দি দূৰ দূৰণিৰ পৰা আহে৷ কিছুমানে বাৰে বাৰে আহে৷ জুবিনৰ প্ৰতি তেওঁলোকৰ ভালপোৱাৰ জোখ লোৱা অসম্ভৱ৷

অগণন মানুহে জুবিনক হঠাতে হেৰুৱাই যি মানসিক কষ্ট পাইছে, তাৰ পৰা আজিলৈকে ওলাব পৰা নাই (তাৰ ভিতৰত ময়ো আছোঁ)।

সমাজৰ অভিভাৱকসকলে মানুহৰ সেই কষ্টৰ উপশমৰ বাট বিচৰাৰহে সময় এয়া৷ তাৰ সলনি ‘জুবিন ক্ষেত্ৰ’ত প্ৰৱেশৰ বাবে দিয়া বাধা-নিষেধে জুবিনক ভাল পোৱা লৰা-ছোৱালীবোৰক জটিল মানসিক অৱস্থালৈ ঠেলি দিব পাৰে৷ আত্মহননৰ পৰা বিদ্ৰোহলৈ যিকোনো ঘটনা ঘটিব পাৰে৷

জনজাতিপ্ৰধান ৰাজ্য খনৰ বিভিন্ন পৰম্পৰাৰ কথাও আমি শ্ৰদ্ধাসহকাৰে লাগিব। একেদৰে আইন-শৃংখলা ৰক্ষাৰ দায়িত্বও প্ৰশাসনৰ আছে।

মই এজন দায়িত্বশীল লেখক আৰু মাতৃ৷ মাত মতাটো অতি জৰুৰী বুলি যেতিয়া ভাব হয় তেতিয়া মাত এষাৰ দিওঁ৷  যি কওঁ সঠিক বুলি আৰু ময়ো কোৱাৰ প্ৰয়োজন আছে বুলি নিজে পতিয়ন যোৱা কথাহে কওঁ৷ ঢৌত উটি, আনৰ নিৰ্দেশনা শুনি নকওঁ৷

এই জটিল সময়ত সকলো ধৰণৰ ভয় ভাগি যোৱাকৈ বিষয়বোৰ আৰু বেছি জটিল কৰি নেপেলোৱাটোৱেই এই মুহূৰ্তত সঠিক সিদ্ধান্ত হব বুলি ভাবোঁ৷

আপুনি এজন পৰিপক্ক ৰাজনীতিক৷ এবাৰ ভাবি চাব বুলি আশা কৰিলোঁ।’

Related News