NORTHEAST NOW (Assamese)

ৰিয়ান পৰাগৰ চমক! ১১টা ছয় আৰু ৫টা চাৰিৰে দুৰ্দান্ত শতক; ১৩১ ৰানৰ ইনিংছেৰে যোগ্য প্ৰত্যুত্তৰ সমালোচকক!

July 29, 2023 8:59 am · এন ই নাও নিউজ, গুৱাহাটী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ হৈ খেলা স্পিন অল-ৰাউণ্ডাৰ ৰিয়ান পৰাগে বেটিঙেৰে চমক সৃষ্টি কৰিছে। ২০২৩ বৰ্ষৰ দেওধৰ ট্ৰফীত ইষ্ট জ’নৰ হৈ খেলি থকা ৰিয়ান পৰাগে নৰ্থ জ’নৰ বলাৰসকলক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি এক দুৰ্দান্ত ইনিংছ খেলিছে।

ৰিয়ান পৰাগে মাত্ৰ ১০২টা বলত ১৩১ ৰানৰ দৰ্শনীয় শতকীয় ইনিংছ খেলে। এই ইনিংছটোত তেওঁৰ বেটৰ পৰা আহে ১১টা ছয় আৰু ৫টা চাৰি। পৰাগে এই শতকীয় ইনিংছেৰে নিজৰ সমালোচকক যোগ্য প্ৰত্যুত্তৰ দিছে।

ছয় নম্বৰত বেটিং কৰিবলৈ অহা ৰিয়ান পৰাগে ৫০ অভাৰৰ এই মেচখনত মাত্ৰ ৮৪টা বলত শতক অৰ্জন কৰে। শতক স্পৰ্শ কৰাৰ সময়লৈকে তেওঁ ৪টা চাৰি আৰু ৮টা ছয় কোবায়।

ৰিয়ান পৰাগ যেতিয়া বেটিং কৰিবলৈ আহিছিল তেতিয়া তেওঁৰ দলৰ স্ক’ৰ আছিল ৫ উইকেটত ৫৭ ৰান। পৰাগে ষষ্ঠ উইকেটত কুশগ্ৰাৰ সৈতে ২৩৫ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ে। কুশগ্ৰাই ৮৭ বলত ৯৮ ৰানৰ ইনিংছ খেলে।

ৰিয়ান পৰাগৰ দলৰ অৰ্থাৎ ইষ্ট জ’নৰ টপ অৰ্ডাৰ বেয়াকৈ ফ্লপ খাইছিল। অ’পেনাৰ অভিমন্যু ঈশ্বৰন ১০ ৰান, উৎকৰ্ষ সিং ১১, বিৰাট সিং ০২, সুব্ৰংশু সেনাপতি ১৩ আৰু অধিনায়ক সৌৰভ তিৱাৰীয়ে ১৬ ৰান কৰি পেভিলিয়নলৈ উভতি যায়।

ইয়াৰ পিছতে ৰিয়ান পৰাগে বিস্ফোৰক ইনিংছ খেলি নিজৰ দলটোক উদ্ধাৰ কৰে। ৰিয়ান পৰাগৰ দলটোৱে ৫০ অভাৰত ৮ উইকেটত ৩৩৭ ৰানৰ বিশাল স্ক’ৰ কৰে।

Related News