NORTHEAST NOW (Assamese)
Popular Stories

সুযোগ! এ চি চি পুৰুষ ইমাৰ্জিং টিমছ এছিয়া কাপ ২০২৩ৰ বাবে ইণ্ডিয়া এ দলত ৰিয়ান পৰাগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 5, 2023 5:33 pm

আগন্তুক এচিচি পুৰুষ ইমাৰ্জিং টিমছ এছিয়া কাপ ২০২৩ৰ বাবে ইণ্ডিয়া এ দললৈ নিৰ্বাচিত হৈছে অসমৰ ৰিয়ান পৰাগ।

১৩ জুলাইৰ পৰা শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া এই  ইমাৰ্জিং টিমছ এছিয়া কাপত ভাৰতীয় ১৫ জনীয়া দলটোৰ নেতৃত্বত থাকিব যশ ধুল। ৫০ অভাৰৰ ফৰ্মেটত এছিয়াৰ ৮টা দলৰ মাজত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

ইণ্ডিয়া এ দলঃ সাই সুদৰ্শন, অভিষেক শৰ্মা (উপ অধিনায়ক), নিকিন জোচ, প্ৰদোষ ৰঞ্জন পল, যশ ধুল (অধিনায়ক), ৰিয়ান পৰাগ, নিশান্ত সিন্ধু, প্ৰভসিমৰন সিং (উইকেটকীপাৰ), ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), মানৱ সুথাৰ, যুৱৰাজসিং ডোদিয়া, হৰ্ষিত ৰাণা, আকাশ সিং, নীতিশ কুমাৰ ৰেড্ডী, ৰাজবৰ্ধন হাংগাৰগেকাৰ।

ষ্টেণ্ডবাই খেলুৱৈ : হৰ্ষ ডুবে, নেহাল ৱাধেৰা, স্নেল পেটেল, মোহিত ৰেডকাৰ।

১৩ জুলাইত ইউ এ ই-এৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব ইণ্ডিয়া এ-দলে।

অহা ১৫ আৰু ১৮ জুলাইত ক্ৰমে পাকিস্তান এ আৰু নেপাল এৰ বিৰুদ্ধে যুঁজত নামিব ভাৰতীয় দলটোৱে। ২৩ জুলাইত ফাইনেল খেলখন অনুষ্ঠিত হ’ব।

স্বাভাৱিকতে, বিগত আইপিএলত বেয়া প্ৰদৰ্শনৰ বাবে সমালোচনাৰ সন্মুখীন হোৱা ৰিয়ান পৰাগৰ বাবে এয়া এক সুযোগ হিচাপে বিবেচিত হৈছে।