আই পি এল-২০২০; ৰাজস্থান ৰয়েলছৰ লগতে থাকিব অসমৰ ৰিয়ান পৰাগ
আই পি এল-২০২০ত ৰাজস্থান ৰয়েলছতে থাকিব অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ।
বিগত আই পি এলত ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ বেটে-বলে দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল।
১৯ ডিচেম্বৰত হোৱা আই পি এলৰ নিলামত ৰিয়ান পৰাগক ৰাজস্থান ৰয়েলছে নিজৰ লগতে ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
নিলামত ৰাজস্থান ৰয়েলছে বৰিন উত্থাপাক (৩ কোটি), জয়দেৱ উনাদকাদ (৩ কোটি), যশস্বী জয়ছোৱাল (২.৪ কোটি), অনুজ ৰাৱাট (৮০ লাখ), আকাশ সিং (২০ লাখ), কাৰ্তিক ত্যাগী (১.৩ কোটি), ডেভিদ মিলাৰ (৭৫ লাখ), উইছেন থমাছ (৫০লাখ), অনিৰুদ্ধ যোশী (২০ লাখ), এন্দ্ৰিউ টায় (১ কোটি) আৰু টম কৰন (১ কোটি) টকাত ক্ৰয় কৰে।
আনহাতে, দলটোৱে অধিনায়ক ষ্টিভ স্মিথ, সঞ্জু ছেনচন, জোফ্ৰা আৰ্চাৰ, বেন ষ্টোক, জচ বাটলাৰ, ৰিয়ান পৰাগ, শংশাক সিং, শ্ৰেয়াছ গোপাল, মহীপাল লোমৰোৰ, বৰুণ এৰোণ আৰু মনন ভোহৰাক নিলাম নকৰাকৈ নিজৰ সৈতে ৰাখে।
উল্লেখযোগ্য যে, চলিত আই পি এলৰ নিলামত অষ্ট্ৰেলিয়াৰ তাৰকা পেচ বলাৰ পেট কামিনছে সৰ্বাধিক ধন লাভ কৰে।