NORTHEAST NOW (Assamese)
Popular Stories

খেলপথাৰৰ মাজতে তুলিলে চেল্ফী! আকৌ আইপিএলত চৰ্চিত হৈ পৰিছে অসম সন্তান ৰিয়ান পৰাগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 25, 2021 3:51 pm

খেলপথাৰত ভিতৰতে চেল্ফী তোলা দেখা গ’ল ৰিয়ান পৰাগক।

যোৱাকালি মুম্বাইত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত হোৱা এখন মেচত অৱতীৰ্ণ হয় ৰাজস্থান ৰয়েলছৰ অলৰাউণ্ডাৰগৰাকী।

মেচখনত ৰাজস্থান ৰয়েলছে ছয় উইকেটত বিজয়ী হয়।

বেটিং কৰিবলৈ সুযোগ লাভ নকৰিলেও তেওঁ মেচখনত দুটাকৈ আকৰ্ষণীয় কেচ ধৰে।

কলকাতা নাইট ৰাইডাৰ্ছৰ লৱাৰ অৰ্ডাৰ বেটছমেন পেট কামিনছৰ বেটৰ পৰা অহা এটা আকৰ্ষনীয় কেচ বাউণ্ডেৰী লাইনত আয়ত্ত কৰি তেওঁ সতীৰ্থ ৰাহুল টেৱাতিয়াৰ স’তে এক বিশেষ আনন্দ ‘চেলিব্ৰেট’ কৰে।

পকেটৰ পৰা তেওঁ মোবাইলটো উলিয়াই আৰু টেৱাতিয়াৰ স’তে এখন চেল্ফী তোলে।

খেলপথাৰৰ মাজতে এই চেল্ফী লোৱাৰ ফটোখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

কিন্তু ফটোখনত দেখামতে তেওঁ হাতত মোবাইল ধৰি থকা নাই।

বৰঞ্চ কেচ ধৰা বলটোহে দেখা গৈছে।

আচলতে টেৱাতিয়াৰ স’তে মোবাইলেৰে চেল্ফী তোলাৰ এক প’জহে দিছে পৰাগে।

পৰাগৰ পাছতে সতীৰ্থ ৰাহুল টেৱাতিয়াইও চেল্ফী তোলাৰ প’জ দিয়ে।

যোৱা বৰ্ষত আইপিএলত বিহু নৃত্য প্ৰদৰ্শন কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰাগৰ এই নতুন ‘চেল্ফী চেলিব্ৰেচন’ প্ৰত্যক্ষ কৰি অসংখ্য ক্ৰিকেট অনুৰাগীৰ মুখত হাঁহি বিৰিঙাই তুলিছে।

সামাজিক মাধ্যমত এই ফটোখনক লৈ বহুকেইটা মিম শ্বেয়াৰ কৰা দেখা গৈছে।