NORTHEAST NOW (Assamese)
দেশ

নতুন সংসদ ভৱনক লৈ আন এক বিতৰ্ক: ভৱনৰ ডিজাইনক কফিনৰ সৈতে তুলনা আৰজেডি-ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 28, 2023 3:27 pm
new Parliament building

আজি দেশৰ নতুন সংসদ ভৱন উদ্বোধন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শেহতীয়া কিছুদিন ধৰি নতুন ভৱন উদ্বোধনীক লৈ চলি আহিছে তীব্ৰ বিতৰ্ক। কেইবাটাও বিৰোধী দলে ইতিমধ্যে বৰ্জন কৰিছে আজিৰ উদ্বোধনী অনুষ্ঠান।

এই বিতৰ্কৰ মাজতে আজি বিহাৰৰ শাসকীয় মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ দল তথা লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলে আন এক নতুন বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। নতুন সংসাদ ভৱনৰ ডিজাইনক কফিনৰ সৈতে তুলনা কৰি এই বিতৰ্কৰ সৃষ্টি কৰিছে দলটোৱে।

আজি পুৱাৰ ভাগত এক টুইট যোগে আৰজেডিয়ে এই বিতৰ্কৰ সূত্ৰপাত ঘটায়। টুইটটোত নতুন সংসদ ভৱনৰ ছবিৰ কাষতে কফিনৰ ছবি এখন টুইট কৰি “এইটো কি” বুলি উল্লেখ কৰিছিল আৰজেডি- এ।

 

আৰজেডি নেতা শক্তি সিং যাদৱে দলৰ এই টুইটটোৰ সমৰ্থনত কয়, “আমাৰ টুইটত থকা কফিনটো গণতন্ত্ৰক সমাধিস্থ কৰাৰ প্ৰতিনিধিত্বমূলক। দেশে এই কথা মানি নলয়। সংসদ গণতন্ত্ৰৰ মন্দিৰ আৰু আলোচনাৰ স্থান।”

ইফালে আৰজেডি-ৰ এই টুইটৰ কিছু সময়ৰ পাছতে বিজেপিয়ে প্ৰত্যুত্তৰ জনায় আৰু নতুন সংসদ ভৱনৰ ডিজাইনক কফিনৰ সৈতে তুলনা কৰা লোকৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিব লাগে বুলি উল্লেখ কৰে।

বিজেপি নেতা সুশীল মোদীয়ে আৰজেডি-ক আক্ৰমণ কৰি এই দাবী কৰিছে। সুশীল মোদীয়ে কয়, “নতুন সংসদ ভৱনক কফিনৰ সৈতে তুলনা কৰা এনে লোকৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু হ’ব লাগে।”

মোদীৰ লগতে বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়ায়ো আৰজেডি-ক প্ৰত্যুত্তৰ জনাই আগন্তুক লোকসভা নিৰ্বাচনৰ কথা সোঁৱৰাই ২০২৪ চনত দেশৰ জনসাধাৰণে আৰজেডি-ক এই কফিনত সমাধিস্থ কৰিব বুলি মন্তব্য কৰে।