NORTHEAST NOW (Assamese)

নিৰ্বাচনমুখী বিহাৰত আৰ জে ডি নেতাক গুলীয়াই হত্যা : প্ৰশ্নৰ সন্মুখীন নীতিশ প্ৰশাসন

September 11, 2025 4:52 pm · এন ই নাও নিউজ, গুৱাহাটী

বিহাৰত আহি আছে বিধানসভা নিৰ্বাচন। তাৰ আগতে পুনৰ এই বিজেপি শাসিত ৰাজ্যত ৰক্তপাতৰ সূত্ৰপাত হৈছে। বুধবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা ৰাজকুমাৰ ৰায় ওৰফে আল্লাহ ৰায়ক গুলীয়াই হত্যা কৰে দুষ্কৃতিকাৰীয়ে। এই হত্যাকাণ্ডৰ পিছত পুনৰ প্ৰশ্নৰ আওতালৈ আহিছে বিহাৰৰ আইন-শৃংখলাৰ পৰিস্থিতি।

আৰক্ষীৰ সূত্ৰ অনুসৰি ৰাজকুমাৰে আগন্তুক নিৰ্বাচনত বিহাৰত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছিল। বুধবাৰে নিশা মুন্নাচক অঞ্চলত দুই যুৱকে তেওঁক আক্ৰমণ কৰে। অভিযোগ মতে, তেওঁৰ শৰীৰ গুলীৰে ভৰি পৰিছিল। ৰক্তাক্ত অৱস্থাত থিতাতে বাগৰি পৰে ৰাজকুমাৰ। ইয়াৰ পিছত অভিযুক্তই তাৰ পৰা পলায়ন কৰে।

তথ্য লাভ কৰাৰ পিছতে আৰক্ষী সেই স্থানত উপস্থিত হয়। তেওঁক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, তাতেই তেওঁৰ মৃত্যু হয়। ঘটনাৰ মুহূৰ্তৰ চিচিটিভি ফুটেজও তদন্তকাৰীয়ে লাভ কৰিছে। কিন্তু তেওঁৰ হত্যাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে প্ৰাৰম্ভিক তদন্তত ভূমি বিবাদক লৈ হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ পুংখানুপুংখ তদন্তৰ পিছতহে সমগ্ৰ বিষয়টো স্পষ্ট হব বুলি তদন্তকাৰীয়ে জানিবলৈ দিয়ে।

পাটনাৰ পূবৰ আৰক্ষী অধীক্ষক প্ৰতীক কুমাৰে কয়, “আমি ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছো। ফৰেনছিক দলটোৱেও স্থানৰ পৰা নমুনা সংগ্ৰহ কৰিছে।

Related News