NORTHEAST NOW (Assamese)

নাগা চূড়ান্ত চুক্তি-চৰ্চাৰ মাজতে ৰুদ্ধদ্বাৰ বৈঠকত মোদী-ৰৱি

October 10, 2019 10:07 pm · অনুপ শৰ্মা
Updated: October 10, 2019 10:18 pm
নতুন দিল্লীত প্ৰধান মন্ত্ৰী মোদী আৰু ৰাজ্যপাল ৰৱিৰ বৈঠকৰ ফাইল ছবি।

এন এছ চি এন (আই এম)এ নাগাসকলৰ বাবে সুকীয়া পতাকা আৰু সংবিধান দাবী কৰি অহাৰ সময়তে সত্তৰ বছৰীয়া বিষয়টো সমাধানৰ বাবে বৃহস্পতিবাৰে নতুন দিল্লীত আৰম্ভ হৈছে আন এলানি আলোচনা।

শান্তি আলোচনাটোত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী, নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰৱিয়ে বৃহস্পতিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে, আৰু এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে।

বৈঠকখনৰ কোনো বিবৃতি প্ৰকাশ পোৱা নাই যদিও, ধাৰণা কৰা হৈছে নাগা বিষয়টোৰ মধ্যস্থতাকাৰীজনে এন এছ চি এন (আই এম)ৰ দাবীসমূহ সম্পৰ্কে প্ৰধান মন্ত্ৰীৰ সৈতে আলোচনা কৰিছে।

এন এছ চি এন (আই এম) নেতৃত্বই চলিত বৰ্ষৰ আগষ্টত প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল, “নাগা পতাকা আৰু সংবিধানৰ দৰে বিষয়সমূহ সম্পৰ্কে একমত হ’ব পাৰিলেহে কেৱল নাগা বিষয়ক লৈ এক সন্মানজনক সমাধান সম্ভৱ হ’ব।”

এন এছ চি এন (আই এম)এ ১৯৯৭ চনৰ পৰা ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনা চলাই আছে।

সাৰ্বভৌম নাগাভূমিৰ বাবে যুঁজা এন এছ চি এন (আই এম)এ ভাৰতীয় ফেদাৰে’চনৰ ভিতৰতে বিশেষ মৰ্য্যাদাৰে থকাৰ এক বন্দৱস্তিত ভাৰত চৰকাৰৰ সৈতে সন্মত হোৱাৰ পিছত এখন ফ্ৰে’মৱৰ্ক এগ্ৰীমেণ্ট স্বাক্ষৰিত হৈছিল।

কিন্তু, যোৱা চাৰি বছৰে সুকীয়া পতাকা আৰু সংবিধানক লৈ দুয়ো পক্ষ ঐকমত্যত উপনীত হ’ব নোৱাৰা বাবে আলোচনাটো আগবাঢ়িব পৰা নাই, এন এছ চি এন (আই এম)ৰ দাবী।

এন এছ চি এন (আই এম) অধ্যক্ষ কিউ তুকু আৰু সাধাৰণ সম্পাদক থুইগালেং মুইভাই এই বছৰৰ আগষ্টত প্ৰধান মন্ত্ৰী মোদীলৈ লিখা পত্ৰত কৈছিল, মূল বিষয় নাগা পতাকা আৰু সংবিধান অবিহনে যিকোনো সমাধানেই হ’ব সন্মানৰ পৰা বহু দূৰ, কাৰণ তাতে নাগা গৌৰৱ আৰু পৰিচয় গভীৰভাৱে প্ৰোথিত হৈ আছে।

এন এছ চি এন (আই এম) নেতৃত্বই বিষয়টোত একেবাৰে মুখ খোলা নাই যদিও, জানিব পৰামতে নতুন দিল্লীত বৃহস্পতিবাৰৰ বৈঠকখন ধনাত্মকভাৱেই সামৰণি পৰিছে।

নাগা আলোচনাত ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী আৰ এন ৰৱিক যোৱা ১ আগষ্টত নাগালেণ্ডৰ ৰাজ্যপালৰূপে নিযুক্তি দিয়া হৈছিল।

ক’হিমাৰ এক জনসভাত চলিত বৰ্ষৰ আগষ্টতে ৰৱিয়ে ৰখা বক্তব্যত নাগা আলোচনাটো তিনি মাহৰ ভিতৰত সমাপ্ত হ’ব বুলি সদৰী কৰিছিল।

নাগালেণ্ডৰ ৰাজ্যপালজনে লগতে কৈছিল যে প্ৰধান মন্ত্ৰী মোদীয়ে তিনি মাহৰ ভিতৰতে আলোচনাটোৰ সামৰণি মাৰিব খুজিছে।

লগতে পঢ়ক– নাগা পতাকা আৰু সংবিধান চূড়ান্ত চুক্তিত থাকিব লাগিব: ৰৱিক এন পি এফ

লগতে পঢ়ক– দেৰি কৰিব নালাগে: নাগা আলোচনা সন্দৰ্ভত দুয়ো পক্ষৰ প্ৰতি এন টি চি

Related News