NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ দগাঁওৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সেনা বাহিনীৰ গাড়ীৰ খুন্দাত নিহত প্ৰকল্প বিষয়া

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম June 23, 2021 2:19 pm
ra

বুধবাৰে পুৱাই বিশ্বনাথৰ দগাঁওৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সেনা বাহিনীৰ গাড়ীৰ খুন্দাত থিতাতে নিহত হয় এজন স্কুটি আৰোহী।

নিহত আৰোহী গৰাকী বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ নগৰ প্ৰকল্প বিষয়া ৰাজীৱ আহমেদ বুলি জানিব পৰা গৈছে ।

ধুবুৰী নিবাসী ৰাজীৱ আহমেদ কৰ্মসূত্ৰে বিশ্বনাথ চাৰিআলিৰ পৌৰসভাৰ এগৰাকী বিষয়া হিচাপে নিয়োজিত আছিল ।

কিন্তু, আজি পুৱা সেনা বাহিনীৰ গাড়ীখনে অভাৰটেক কৰিবলৈ গৈ সংঘটিত কৰে এই দুৰ্ঘটনা ।
দুৰ্ঘটনাগ্ৰস্ত স্কুটিৰ নম্বৰটো AS 32 4764।

আনহাতে স্কুটি আৰোহী জনক দুৰ্ঘটনাস্থলীৰ কাষতে এখন ব্যক্তিগত চিকিৎসালয়ত লৈ যোৱা হৈছিল যদিওঁ চিকিৎসকে স্কুটি আৰোহীজন মৃত্যু হোৱা বুলি ঘোষণা কৰে ।