NORTHEAST NOW (Assamese)

বোকাখাতত পথ দুৰ্ঘটনা; এজন লোকৰ মৃত্যু

April 11, 2019 7:29 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

বোকাখাতত মঙলবাৰে নিশা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকে থিতাতে প্ৰাণ হেৰুৱাব লগীয়া হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

নিহত লোকজনক বোকাখাতৰ মোহন গগৈ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে তেওঁ কাৰ্বি আংলং সমষ্টিত ছেক্টৰ বিষয়া হিচাপে নিযুক্ত আছিল।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা অনুসৰি তীব্ৰ বেগত অহা এখন বাইকে খুন্দা মৰাৰ ফলতে মোহন গগৈই মৃত্যুক সাবটিব লগীয়া হয়।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই বাইকসহ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

Related News