NORTHEAST NOW (Assamese)

বোকাখাতত পথ দুৰ্ঘটনা; এজন বৃদ্ধ লোক গুৰুতৰভাৱে আহত

December 18, 2019 12:34 pm · উত্তম শইকীয়া
ফটো : নৰ্থ-ইষ্ট নাও

বোকাখাত নগৰৰ জীৱন বীমা নিগমৰ কাৰ্যালয়ৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি এক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত চহিদুৰ ৰহমান নামৰ এজন বৃদ্ধ লোক গুৰুতৰ ভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় পথেৰে চাইকেলেৰে গৈ থকা অৱস্থাত চহিদুৰ ৰহমানক এএছ ১২ এ চি -৭৪৬৩ নম্বৰৰ টাটা এ চি গাড়ী এখনে মহতিয়াই নিয়ে।

ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা লোকজনক লগে লগে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও লোকজনৰ অৱস্থা সংকটজনক বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

উল্লেখ্য যে আহত চহিদুৰ ৰহমানৰ ঘৰ বোকাখাতৰ তিনি নম্বৰ দ’ গাঁৱত বুলি জানিব পৰা গৈছে।

Related News