NORTHEAST NOW (Assamese)

চাংসাৰিত ভয়ংকৰ পথ-দুৰ্ঘটনা; মহিলাসহ ৪জনৰ মৃত্যু

May 24, 2019 11:28 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

কামৰূপ জিলাৰ চাংসাৰিত বৃহস্পতিবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৪গৰাকীকৈ লোকে প্ৰাণ হেৰোৱায়। নিহতসকলৰ ভিতৰত এগৰাকী মহিলাও আছে।

প্ৰাপ্ত তথ্য মতে কালি পুৱা গুৱাহাটীৰ দিশে আহি থকা এখন তীব্ৰ বেগী এ এছ ২৫ ডি চি ৮৬৬০ নম্বৰৰ এখন যাত্ৰীবাহী মেজিক বাহনে চাংসাৰিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰত মেজিকখনত থকা আটাইকেইগৰাকী লোকৰ থিতাতে মৃত্যু হয়।

নিহত লোক কেইজনক হাজো বাকটাৰ অমৰ দাস (২৪), ছিপাঝাৰৰ বিজুলীবাৰীৰ সাৱিত্ৰী দাস (৩৮), জয়গুৰু নুমলীজলাহৰ অতুল ৰায় (১৬) আৰু ফুলুঙৰ প্ৰাঞ্জল বড়ো (২০) বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Related News